
কাঠমাণ্ডু, ১৮ ডিচেম্বৰ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডু ললিতপুৰৰ ধাপাখেলত ভাৰতীয় অভিযন্তাৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতে, প্ৰায় ডেৰ মাহ পূৰ্বে ৪৬ বছৰীয়া ভাৰতীয় অভিযন্তা দেৱ কুমাৰক হত্যা কৰা হৈছিল। অৱশ্যে ডেৰ মাহৰ পাছতো এই গোচৰটো ৰহস্যৰ আৱৰ্তত ৰৈ গৈছে। এই ঘটনাৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, হত্যাৰ উদ্দেশ্যও প্ৰকাশ কৰা হোৱা নাই। আৰক্ষী বিষয়াসকলে কয় যে তদন্ত অব্যাহত আছে যদিও আনুষ্ঠানিকভাৱে কোনো সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত আছে। ধাপাখেলৰ নির্মাণীয় কলনীত সংঘটিত হৈছে এই হত্যাকাণ্ড।
খবৰ অনুসৰি দেৱ কুমাৰে নেপাললৈ আহিছিল চৌধুৰী গ্ৰুপে নিৰ্মাণ কৰি থকা কলনীৰ ডিজাইনৰ কাম কৰিবলৈ। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, নিৰ্মাণাধীন কলনীটোৰ বাথৰুমত তেওঁক নিৰ্মমভাৱে হত্যা কৰা হয়। তেওঁৰ মৃতদেহ হাত ভৰি, মুখ কাপোৰেৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয়।
আৰক্ষীৰ মতে, তেওঁৰ হাত, ভৰি, মুখ বান্ধি মূৰত চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হয়। ললিতপুৰ জিলা আৰক্ষী থানাৰ লগতে কাঠমাণ্ডু উপত্যকা অপৰাধ অনুসন্ধান কাৰ্যালয়ৰ এটা দলে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে উল্লেখ কৰিছে যে এই ঘটনাৰ সৈতে জড়িত একেটা কলনীতে কাম কৰা শ্ৰমিকৰ ওপৰত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডটো দলীয় আক্ৰমণ নে আন কোনো পদ্ধতি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই, আৰু তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ