
কাঠমাণ্ডু, ১৮ ডিচেম্বৰ (হি.স.)। চিপিএন-ইউএমএলৰ অধ্যক্ষ হিচাপে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি। দলৰ ভিতৰত দীৰ্ঘদিন ধৰি সমৰ্থন থকাৰ পাছতো অলিয়ে তেওঁৰ প্ৰত্যাহ্বানকাৰী ঈশ্বৰ পোখাৰেলক বহু ব্যৱধানত পৰাস্ত কৰে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি চিপিএন-ইউএমএলৰ অধ্যক্ষ পদৰ দৌৰত অলিয়ে মুঠ ১৬৬৩টা ভোট লাভ কৰে। দলটোৰ আভ্যন্তৰীণ নির্বাচনৰ ফলাফল অনুসৰি চিপিএন-এমএলৰ সাধাৰণ সম্পাদক পদত শংকৰ পোখাৰেলে জয়লাভ কৰে ৷ পোখাৰেলে ১২২৮টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী সুৰেন্দ্ৰ পাণ্ডেই ৯৯৯টা ভোট লাভ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ