বাংলাদেশৰ নৌসেনাৰ জাহাজেৰে সংঘৰ্ষত ডুব যোৱা ভাৰতীয় ট্ৰলাৰ; ১৬ জন মাছমৰীয়াৰ ভিতৰত ১১ জন সুৰক্ষিত, ৫ জন এতিয়াও নিৰুদ্দেশ
দক্ষিণ ২৪ পৰগনা, ১৬ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ নৌসেনাৰ জাহাজৰ সৈতে সংঘৰ্ষত ডুব যোৱা ভাৰতীয় ট্ৰলাৰত থকা ১৬ জন মাছমৰীয়াৰ ভিতৰত এঘাৰজনক উদ্ধাৰ কৰা হৈছে, আনহাতে পাঁচজন এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু তেওঁলোকৰ সন্ধান অব্যাহত আছে। সুন্দৰবন মাছমৰীয়া সন্
বাংলাদেশৰ নৌসেনাৰ জাহাজেৰে সংঘৰ্ষত ডুব যোৱা ভাৰতীয় ট্ৰলাৰ; ১৬ জন মাছমৰীয়াৰ ভিতৰত ১১ জন সুৰক্ষিত, ৫ জন এতিয়াও নিৰুদ্দেশ


দক্ষিণ ২৪ পৰগনা, ১৬ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ নৌসেনাৰ জাহাজৰ সৈতে সংঘৰ্ষত ডুব যোৱা ভাৰতীয় ট্ৰলাৰত থকা ১৬ জন মাছমৰীয়াৰ ভিতৰত এঘাৰজনক উদ্ধাৰ কৰা হৈছে, আনহাতে পাঁচজন এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু তেওঁলোকৰ সন্ধান অব্যাহত আছে।

সুন্দৰবন মাছমৰীয়া সন্থাৰ সম্পাদক সতীনাথ পাত্ৰই অভিযোগ কৰে যে বাংলাদেশ ক’ষ্ট গাৰ্ডৰ জাহাজখনে লাইট বন্ধ কৰি তীব্ৰ বেগত ট্ৰ’লাৰখনৰ সৈতে খুন্দা মাৰি দুৰ্ঘটনাটোৰ পিছত কোনো ধৰণৰ উদ্ধাৰ অভিযান নকৰাকৈ বাংলাদেশৰ জলসীমালৈ উভতি আহে।

নিৰুদ্দেশ হোৱা ৰাখাল দাসৰ কন্যা ৰোটি পোদ্দাৰে কয় যে, শনিবাৰে শেষবাৰৰ বাবে দেউতাৰ সৈতে কথা পাতিছিলো। তাৰ পিছতহে দুৰ্ঘটনাৰ কথা গম পাইছিলোঁ। যদিও ১১ জন লোকক উদ্ধাৰ কৰা হৈছে, তথাপিও মোৰ পিতৃ নিৰুদ্দেশ হৈ আছে। আমি বহুত দুখী।

উল্লেখযোগ্য যে সোমবাৰে পুৱা বাংলাদেশৰ নৌসেনাৰ এখন জাহাজে ভাৰতৰ জলসীমাত প্ৰৱেশ কৰি কাকদ্বীপ মাছমৰীয়া কঢ়িয়াই অনা ট্ৰলাৰ এখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত ১৬জন মাছমৰীয়া কঢ়িয়াই অনা ট্ৰলাৰখন ডুব যায়। সাগৰত প্ৰাণ ৰক্ষাৰ বাবে সাঁতুৰি থকা মাছমৰীয়াসকলে অৱশেষত ১১ জন মাছমৰীয়াক উদ্ধাৰ কৰে।

মঙলবাৰে পুৱা ১১ জনক দক্ষিণ ২৪ পৰগনাৰ নামখানাৰ নাৰায়ণপুৰ ঘাটলৈ আনি প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰে। অৱশ্যে এতিয়াও সন্ধানহীন হৈ আছে ৫জন লোক। তেওঁলোকৰ সন্ধান অব্যাহত আছে।

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে মঙলবাৰেও গভীৰ সাগৰত অভিযান অব্যাহত ৰাখিছে। নিৰুদ্দেশ হোৱা মাছমৰীয়াসকলৰ সন্ধান বিচাৰি ভাৰতৰ জলসীমাৰ এক বৃহৎ অঞ্চলত তালাচী চলোৱা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande