পাকিস্তানৰ সিন্ধত ১৯ জন বাছ যাত্ৰী অপহৰণ; ১০ উদ্ধাৰ
কৰাচী, ১৬ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশত সোমবাৰে মাজনিশাৰ কিছু সময়ৰ পূৰ্বে অচিনাক্ত বন্দুকধাৰীয়ে ১৯ জন বাছ যাত্ৰীক অপহৰণ কৰে। সদাবাহাৰ ট্ৰেন্সপ’ৰ্ট কোম্পানীৰ বাছখন কুৱেটালৈ ৰাওনা হৈছিল। কাছম’ৰৰ মুৰিদ শ্বাখ অঞ্চলত সংঘটিত হয় এই ঘটনা। ই
পাকিস্তানৰ সিন্ধত ১৯ জন বাছ যাত্ৰী অপহৰণ; ১০ উদ্ধাৰ


কৰাচী, ১৬ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশত সোমবাৰে মাজনিশাৰ কিছু সময়ৰ পূৰ্বে অচিনাক্ত বন্দুকধাৰীয়ে ১৯ জন বাছ যাত্ৰীক অপহৰণ কৰে। সদাবাহাৰ ট্ৰেন্সপ’ৰ্ট কোম্পানীৰ বাছখন কুৱেটালৈ ৰাওনা হৈছিল। কাছম’ৰৰ মুৰিদ শ্বাখ অঞ্চলত সংঘটিত হয় এই ঘটনা। ইয়াৰে ১০ জন যাত্ৰীক উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।

এক্সপ্ৰেছ ট্ৰিবিউন কাকতত প্ৰকাশিত বাতৰি অনুসৰি সোমবাৰে নিশা প্ৰায় ১১:৩০ বজাত গুড্ডু কাশ্মোৰ লিংক ৰোডৰ গুড্ডু ইন্টাৰচেঞ্জৰ সমীপত প্ৰায় ১৫ জন বন্দুকধাৰীয়ে বাছখন ৰখাই দিয়ে। বাছখনত পুৰুষ-মহিলা আৰু ল’ৰা-ছোৱালী আছিল। বন্দুকধাৰীয়ে ১৫জনক লগত লৈ যায়। আৰক্ষী আৰু ৰেঞ্জাৰক এই বিষয়ে অৱগত কৰা হয়। ইফালে বেলুচিস্তানৰ ছ’নমিয়ানীত গুলীয়াগুলি পাছত অপহৃত ১০ যাত্ৰীক উদ্ধাৰ কৰে আৰক্ষী আৰু ৰেঞ্জাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande