গৌৰীপুৰত বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট সহ আটক এজন সৰবৰাহকাৰী
ধুবুৰী, ১৫ডিচেম্বৰ (হি.স.)। গৌৰীপুৰত বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট সহ আটক এজন সৰবৰাহকাৰী। আটক হোৱা সৰবৰাহকাৰী জনক সুভাষ পল্লীৰ সুৰজিত সূত্ৰধৰ বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ। মহামায়া পুখুৰী পাৰৰ পৰা গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী জনক। সৰবৰাহকাৰী
গৌৰীপুৰত বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট সহ আটক এজন সৰবৰাহকাৰী


ধুবুৰী, ১৫ডিচেম্বৰ (হি.স.)। গৌৰীপুৰত বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট সহ আটক এজন সৰবৰাহকাৰী। আটক হোৱা সৰবৰাহকাৰী জনক সুভাষ পল্লীৰ সুৰজিত সূত্ৰধৰ বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ। মহামায়া পুখুৰী পাৰৰ পৰা গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী জনক। সৰবৰাহকাৰী জনৰ জিম্মাৰ পৰা ৯৬০টা কেপছুল আৰু ১৭০টা নিচাজাতীয় টেবলেট জব্দ কৰিব সক্ষম হই আৰক্ষী। আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী জনক মাৰথন জেৰা অব্যাহত ৰাখিছে।

লক্ষনীয় যে নিবনুৱা সমস্য়া আৰু সহজ ধনৰ আশাত একাংশ যুৱক যুৱতী ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য়ৰ ব্য়ৱসায়ত জৰিত হৈ পৰিছে। আৰক্ষীৰ চোকা পহৰাৰ পিছতো ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলনে অসমৰ সামাজিক পৰিস্থিতি যঠেস্ত উদ্বেগজনক কৰি তুলিছে বুলি অসম জেষ্ঠ নাগৰিক সন্থাৰ এগৰাকী জেষ্ঠ বিষয়ববীয়াই উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande