
নগাও, ১৫ ডিচেম্বৰ (হি.স.)। ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত তেৰমাইলত অভিযান চলাই ড্ৰাগছ সহ আটক সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনক তেজপুৰ ভোজখোৱা চাপৰিৰ চাইদুল ইছলাম বুলি জানিব পৰা গৈছে। চাইদুল ইছলামৰ জিম্মাৰ পৰা ৪১ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰিব সক্ষম হই আৰক্ষী।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনে দিৰ্ঘ দিনৰ পৰা ৰূপহীহাট আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলত আৰক্ষীৰ চকুত ধুলি মাৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল। জব্দকৃত ড্ৰাগছৰ ওজন ৫.৬৪ গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে। ড্ৰাগছৰ প্ৰভাৱত পৰি ৰূপহীহাটৰ বিদ্য়ালয় মহাবিদ্য়ালয়ৰ একাধিক ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হৈছে বুলি অঞ্চলটোৰ একাংস জেষ্ঠ নাগৰিকে আক্ষেপ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা