মৰিগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী ৰচিদুল ইছলাম
মৰিগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী ৰচিদুল ইছলাম।
মৰিগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী ৰচিদুল ইছলাম।


মৰিগাঁও, ০৬ নৱেম্বৰ (হি.স.)। মৰিগাঁও আৰক্ষীৰ জালত পৰিছে কুখ্যাত চাইবাৰ অপৰাধী ৰচিদুল ইছলাম। ৰচিদুলৰ বিৰুদ্ধে মিকিৰভেটা আৰক্ষী থানাত ১০৩/২৫ নম্বৰত এটা গোচৰ ৰজু হৈছে । বহি ৰাজ্যৰ কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ পৰা জলিয়াতিৰে ধন হৰালুকি কৰিছিল চাইবাৰ অপৰাধী ৰচিদুলে।

আৰক্ষীয়ে ৰচিদুলৰ পৰা জব্দ কৰিছে বহু ভুৱা নথি পত্ৰৰ লগতে চাইবাৰ অপৰাধত ব্যৱহৃত সা সামগ্ৰী। বৰ্তমানলৈ মৰিগাঁও আৰক্ষীয়ে বিগত তিনিটা বছৰত গ্ৰেপ্তাৰ কৰিছে ২৯৭ জন চাইবাৰ অপৰাধী। গ্ৰেপ্তাৰ হোৱাৰ পুৰ্বে একাধিক নিৰীহ ৰাইজৰ একাউন্টৰ পৰা ধন হৰলুকি কৰাৰ ঘটনা সংঘটিত কৰে ৰচিদুল ইছলামে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande