
ধুবুৰী, ২৯ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আলমগঞ্জত যোৱা কালি শুকুৰবাৰে বিয়লি বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰা হয় দুই সৰবৰাহকাৰী। আলমগঞ্জ কলেজ ৰোডত গৌৰীপুৰ আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰ'ইন ভর্তি ছয়টা চাবোনৰ বাকচ জব্দ কৰা হয়।
ধৃত সৰবৰাহকাৰী দুটা আলমগঞ্জ নৱম খণ্ড গাঁৱৰ আসাবুল হক মণ্ডল আৰু সামছুল হক মণ্ডল বুলি জনা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুজনক মাৰথন জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ