ৰাষ্ট্ৰপতি মুৰ্মুৰ আম্বালা এয়াৰ বেছৰ পৰা ৰাফেল যুদ্ধ বিমান উৰুৱাই ইতিহাস ৰচনা
- বায়ুসেনাৰ মুৰব্বী বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিঙে উৰুৱালে আন এখন বিমান নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ উচ্চতম সেনাধ্যক্ষ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে আম্বালা বায়ুসেনা ঘাটিৰ পৰা ৰাফেল যুদ্ধ বিমান উৰুৱাই ইতিহাস
राष्ट्रपति मुर्मु ने राफेल फाइटर जेट में उड़ान भरने के लिए अंबाला एयरबेस पर


- বায়ুসেনাৰ মুৰব্বী বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিঙে উৰুৱালে আন এখন বিমান

নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ উচ্চতম সেনাধ্যক্ষ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে আম্বালা বায়ুসেনা ঘাটিৰ পৰা ৰাফেল যুদ্ধ বিমান উৰুৱাই ইতিহাস ৰচনা কৰে। আন এখন বিমানত তেওঁৰ সৈতে আছিল বায়ুসেনাৰ মুখ্য বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিং। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে অসমৰ তেজপুৰ বায়ুসেনা ষ্টেচনৰ পৰা সুখয়-৩০ এম কে আই যুদ্ধ বিমান উৰুৱাইছিল।

আজি পুৱা হাৰিয়ানাৰ আম্বালা বায়ুসেনা ষ্টেচনত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মু, য’ত বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিং আৰু আন কেইবাজনো বিষয়া উপস্থিত থাকে। তিনিওটা সশস্ত্ৰ বাহিনীৰ উচ্চতম অধিনায়ক ৰাষ্ট্ৰপতিগৰাকীক আহি পোৱাৰ লগে লগে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। তাৰ পিছত তেওঁ ৰাফেল বিমানত উঠি আম্বালাৰ আকাশৰ মাজেৰে উৰি যায়।

ৰাষ্ট্ৰপতিগৰাকীক কঢ়িয়াই অনা বিমানখনৰ পাইলট আছিল গ্ৰুপ কেপ্তেইন অমিত গেহানী, যি ভাৰতীয় বায়ুসেনাৰ ১৭ নং স্কোয়াড্ৰন গোল্ডেন এৰোছৰ কমাণ্ডিং অফিচাৰ (চি অ’)ও। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৮ এপ্ৰিলত ৰাষ্ট্ৰপতি মুৰ্মুৱে অসমৰ তেজপুৰ বায়ুসেনা ষ্টেচনৰ পৰা এখন সুখয়-৩০ এম কে আই যুদ্ধ বিমান উৰুৱাইছিল। ইয়াৰ ফলত তেওঁ যুদ্ধ বিমান উৰুওৱা তৃতীয় ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম আৰু প্ৰতিভা পাটিলেও এখন সুখয়-৩০ এম কে আই যুদ্ধ বিমান উৰুৱাইছিল।

ৰাষ্ট্ৰপতিৰ লগতে ভাৰতীয় বায়ুসেনাৰ মূখ্য বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিঙেও আন এখন বিমান উৰুৱাই নিজৰ উৰণৰ দক্ষতা প্ৰদৰ্শন কৰে। ফ্ৰান্সৰ এৰোস্পেচ মেজৰ ডাছল্ট এভিয়েশনে নিৰ্মাণ কৰা ৰাফেল যুদ্ধ বিমানখনক ২০২০ চনৰ ছেপ্টেম্বৰ মাহত আম্বালা বায়ুসেনা ষ্টেচনত ভাৰতীয় বায়ুসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয়। ২০২০ চনৰ ২৭ জুলাইত ফ্ৰান্সৰ পৰা অহা প্ৰথম পাঁচখন ৰাফেল বিমানক ১৭ স্কোয়াড্ৰন গোল্ডেন এৰোছত অন্তৰ্ভুক্ত কৰা হয়। এই জেটখন বায়ুসেনাৰ শক্তিৰ এক গুৰুত্বপূৰ্ণ অংশ। যোৱা ৭ মে’ত পাকিস্তান নিয়ন্ত্ৰিত অঞ্চলত অসংখ্য সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰি নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰা অপাৰেচন সিন্দুৰত ৰাফেল জেট বিমান ব্যৱহাৰ কৰা হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande