৩০ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰী মণ্ডলীৰ বৈঠক
শতবৰ্ষ উপলক্ষে ঘৰে ঘৰে সম্পৰ্ক কৰিব আৰএছএছে জব্বলপুৰ, ২৯ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী মণ্ডলীৰ বাৰ্ষিক বৈঠক জবলপুৰত কাইলৈৰ পৰা অনুষ্ঠিত হ''ব। কাইলৈৰ পৰা অৰ্থ্যাৎ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ তিনিদিন
আৰ এছ এছ


শতবৰ্ষ উপলক্ষে ঘৰে ঘৰে সম্পৰ্ক কৰিব আৰএছএছে

জব্বলপুৰ, ২৯ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী মণ্ডলীৰ বাৰ্ষিক বৈঠক জবলপুৰত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা অৰ্থ্যাৎ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ তিনিদিনীয়াকৈ উক্ত বৈঠক অনুষ্ঠিত হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। বৈঠকত সমগ্ৰ ভাৰতৰ ৪৬ খন ৰাজ্যৰ পৰা ৪০৭ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

কাইলৈৰ পৰা মধ্য প্ৰদেশৰ জব্বলপুৰত আৰম্ভ হ'ৱলগীয়া আৰ এছ এছৰ কাৰ্যকাৰিনী মণ্ডলৰ বৈঠকত সৰসংঘচালক ডা° মোহন ভাগৱত, সৰকাৰ্যবাহ দত্তাত্ৰেয় হোছাবালে, ছয় গৰাকী সৰসহকাৰ্যবাহৰ লগতে অখিল ভাৰতীয় প্ৰতিনিধি, ক্ষেত্ৰ আৰু প্ৰান্ত সংঘচালক, কাৰ্যবাহৰ লগতে মুঠ ১১টা ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক, ৪৬ টা প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক উপস্থিত থকাৰ উপৰি নিৰ্বাচিত প্ৰতিনিধি সকলো বৈঠকত উপস্থিত থাকিব। অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে প্ৰেছ বিজ্ঞপ্তি যোগে উল্লেখ কৰে যে ২০২৫ চনৰ ২ অক্টোবৰৰ পৰা নাগপুৰত বিজয়া দশমীৰ দিনাৰ পৰা আৰ এছ এছৰ শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছিল।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। শতবৰ্ষৰ আৰম্ভনীত দালাই লামাই প্ৰেৰণ কৰা শুভ বাৰ্তাও বিজয়া দশমীৰ কাৰ্যক্ৰমত পাঠ কৰা হয়। সিদিনাৰ অনুষ্ঠানত ১৪,১০১ গৰাকী স্বয়ংসেৱকে গণবেশ পিন্ধি সঞ্চলনত অংশগ্ৰহণ কৰাৰ লগতে বৃহৎ সংখ্যক নাগপুৰ বাসিন্দাও উপস্থিত আছিল। সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ কাৰ্যসূচী অনুষ্ঠিত হয় য'ত সমাজৰ বিশিষ্ট লোক সকলে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছিল। আনহাতে, শতবৰ্ষৰ কাৰ্যক্ৰম উপলক্ষে গৃহ সম্পাৰ্ক অভিযান প্ৰতিখন প্ৰদেশতে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ২৫ ৰ পৰা ৪০ দিনীয়া অভিযান চলিব। এই সময়ছোৱাত স্বয়ংসেৱক সকলে ঘৰে ঘৰে গৈ প্ৰচাৰ পত্ৰিকা আৰু পুস্তিকাকে ধৰি কিছু সংখ্যক সাহিত্য লৈ যাব। পাঁচটা পৰিৱৰ্তনৰ বাৰ্তাক গৃহ সম্পৰ্ক জৰিয়তে ৰাইজক অৱগত কৰা হ’ব, য’ত পৰিয়ালৰ জ্ঞান, সামাজিক সম্প্ৰীতি, পৰিৱেশ অনুকূল জীৱনশৈলী, আত্মসচেতনতা আৰু নাগৰিক কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

মণ্ডল পৰ্যায়ত আগন্তুক হিন্দু সন্মিলন, জিলা পৰ্যায়ত বৃহৎ নাগৰিক সভা, ব্লক/নগৰ পৰ্যায়ত সামাজিক সম্প্ৰীতি সভা, যুৱক-যুৱতীসকলৰ বাবে কাৰ্যসূচী আদিৰ বিষয়েও বিতংভাৱে কাৰ্যকৰী মণ্ডলৰ বৈঠকত আলোচনা কৰা হ’ব বুলি প্ৰচাৰ প্ৰমুখ গৰাকীয়ে জানিবলৈ দিছে। সমাজৰ সজ্জন শক্তি, সংঘৰ কামত সহায় কৰা সকল, বিশিষ্ট ব্যক্তি, বিশিষ্ট সংগঠন, মঠ, মন্দিৰ, সামাজিক সংগঠন, শিক্ষানুষ্ঠান, ব্যৱসায়িক সংগঠনৰ সৈতে পঞ্চ পৰিৱৰ্তন (পাঁচটা ৰূপান্তৰ) সম্পৰ্কে যোগাযোগ কৰাৰ ইতিমধ্যে প্ৰয়াস কৰা হৈছে। আনহাতে,

সামাজিক পৰিৱৰ্তনত নাৰীয়ে মুখ্য ভূমিকা পালন কৰে বুলি সদৰি কৰি তেখেতে তেওঁলোকৰ সৈতেও সংযোগ স্থাপনৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি উল্লেখ কৰে। আনকি, তেওঁলোকে কেনেকৈ একেলগে কাম কৰি সমন্বিতভাৱে সামাজিক পৰিৱৰ্তন আনিব পাৰে সেই সম্পৰ্কেও আলোচনা কৰা হ’ব। কাৰ্যনিৰ্বাহক মণ্ডলীৰ বৈঠকতো সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ’ব।

সৰসংঘচালক ডা: মোহন ভাগৱতে দেশজোৰা ভ্ৰমণৰ অংশ হিচাপে বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সংঘ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিব। ৮ আৰু ৯ নৱেম্বৰত বাংগালুৰুত, ২১ ডিচেম্বৰত কলিকতাত, আৰু ৭ আৰু ৮ ফেব্ৰুৱাৰীত মুম্বাইত তেখেতে ভাষণ দিব। লগতে শিখ গুৰু গুৰু টেগ বাহাদুৰৰ ৩৫০ তম শ্বহীদ বাৰ্ষিকী আৰু বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিশেষ বিবৃতি জাৰি কৰা হ’ব বুলি সুনীল আম্বেকাৰে জানিবলৈ দিছে ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande