
গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত দৰং-ওদালগুৰিৰ পৰা অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সংসদ সদস্য দিলীপ শইকীয়াই সাধাৰণ পৰিষদত ম্যানমাৰৰ মানৱ অধিকাৰৰ পৰিস্থিতি বিষয়ক লৈ ভাৰতৰ স্থিতি সজোৰে দাঙি ধৰে।
ভাৰতক প্ৰতিনিধিত্ব কৰি শইকীয়াই ম্যানমাৰৰ মানৱ অধিকাৰৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত চৰকাৰৰ নীতি আৰু দৃষ্টিভংগীৰ বিষয়ে বিতংভাৱে দাঙি ধৰে। তেওঁ বিভিন্ন সদস্য দেশৰ প্ৰতিনিধিৰ সন্মুখত মানৱ অধিকাৰ সুৰক্ষাৰ প্ৰতি ভাৰতৰ সংবেদনশীলতা আৰু দায়বদ্ধতাক আলোকপাত কৰে।
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা জাৰি কৰা এক বিবৃতিত বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে ভাৰতৰ প্ৰতিনিধি হিচাপে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভাৰতৰ মানৱীয় পন্থা আৰু মানৱ অধিকাৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাক বিশ্ব মঞ্চত ফলপ্ৰসূভাৱে উপস্থাপন কৰে।
তেওঁ কয় যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক শত্ৰুৰ মাটিৰ পৰা ভাৰত বিৰোধী কামত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৰাষ্ট্ৰসংঘত সাহসী আৰু মৰ্যাদাপূৰ্ণ উপস্থাপনৰ জৰিয়তে ভাৰত মাতৃৰ সন্মান বৃদ্ধি কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ