
নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণৰ বাবে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বিষয়ে চৰ্চা কৰে।
এক্স-পোষ্টত সবিশেষ ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আলোচনাত অৰ্থনৈতিক সুৰক্ষা, প্ৰতিৰক্ষা সহযোগিতা, প্ৰতিভা বিনিময় আদি ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দুয়োখন দেশেই এই কথাত একমত হৈছিল যে বিশ্ব শান্তি, স্থিতিশীলতা, আৰু সমৃদ্ধিৰ বাবে ভাৰত-জাপানৰ শক্তিশালী সম্পৰ্ক অপৰিহাৰ্য।
উল্লেখযোগ্য যে ২১ অক্টোবৰত তাকাইচিয়ে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ