
শ্বিমকেন্ট (কাজাখস্তান), ২৮ অক্টোবৰ (হি.স.): ভাৰতৰ ২০ বছৰ অনুৰ্ধ মহিলা ফুটবল দলে মঙলবাৰে অনুষ্ঠিত দ্বিতীয় আৰু অন্তিম প্ৰীতি মেচত কাজাখস্তানৰ ১৯ অনুৰ্ধ দলৰ সৈতে ১-১ গ’লত ড্ৰ’ কৰে। শ্বিমকেণ্টৰ বিআইআইকে স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত খেলখনৰ দ্বিতীয়াৰ্ধত দুয়োটা গ’ল।
কাজাখস্তানৰ এডেলিয়া বেকোজিনাই ৪৭ মিনিটত আয়োজক দলটোক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে ৫৫ মিনিটত ভাৰতৰ পূজাই উজ্জ্বল হেডাৰেৰে খেলখন সমতা স্থাপন কৰে। ভূমিকা দেৱী খুমুকচামৰ নিখুঁত ক্ৰছৰ পৰা এই সুযোগ লাভ কৰে ছানীয়ে। এইখন আছিল পূজাৰ একেৰাহে দ্বিতীয়খন মেচ য’ত তেওঁ গ’ল দিছিল। দুয়োটা দলৰ মাজত এই খেলখন আগন্তুক এ এফ চি ২০ বছৰ অনুৰ্ধ মহিলা এছিয়ান কাপ ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে অনুষ্ঠিত হৈছিল।
ইয়াৰ পূৰ্বে ভাৰত আৰু কাজাখস্তানে শনিবাৰে প্ৰথমখন প্ৰীতি মেচ খেলিছিল, য’ত ভাৰতে ৩-২ গ’লত জয়লাভ কৰিছিল। প্ৰথমখন খেলত ছিবানী দেৱী নংমেইখাপামে দ্বিতীয় মিনিটত নেহাৰ ক্ৰছৰ পৰা গ’ল দি ভাৰতক অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত ১৫ মিনিটত অঞ্জু চানু কায়েনপাইবামে আন এটা গ’ল সংযোজন কৰি ২-০ গ’লত অগ্ৰগতি লাভ কৰে।
২৩ মিনিটত জেনেল তালাছবায়েভাৰ পেনাল্টিৰে কাজাখস্তানে ঘাটি হ্ৰাস কৰে যদিও হাফটাইমৰ ঠিক আগতে পূজাই ৰেমি থ’খচমৰ উজ্জ্বল পাছৰ তৃতীয়টো গ’ল দি ভাৰতৰ অগ্ৰগতি পুনৰ ঘূৰাই আনে। অৱশ্যে অন্তিম মুহূৰ্তত নাজিম আলডাঞ্জাৰে আন এটা পেনাল্টি গ’ল যদিও ভাৰতে নিজৰ অগ্ৰগতি ধৰি ৰাখি জয় নিশ্চিত কৰে।
দ্বিতীয়খন খেলৰ বাবে ভাৰতীয় দল:
মনালিছা দেৱী মইৰাংথেম (গ’লৰক্ষক), ৰেমি থোইকচোম, থোইবিছানা চানু তোইজাম, নেহা, পূজা, ছিবানি দেৱী নংমেইকাপাম, লিংডেইকিম, শুভাংগী সিং (অধিনায়ক), অঞ্জু চানু কিয়নপাইবাম, চিণ্ডী ৰেমৰুৱাটপুই কলনী, কাজোল ডি’ছৌজা (ৰলমিকা দেৱী খুমুকচাম ৪৬')
हिन्दुस्थान समाचार