ছঠ পূজাৰ পৰা উভতি অহা যাত্ৰীসকলৰ বাবে ৬,১৮১খন বিশেষ ৰে’ল চলাব ৰে’লৱে
নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। ছঠ পূজাৰ পিছত যাত্ৰীসকলৰ বাবে নিৰাপদ আৰু আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰিবলৈ ভাৰতীয় ৰেলৱে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। যাত্ৰীসকলৰ উভতি অহা যাত্ৰাৰ সুবিধাৰ বাবে ২৮ অক্টোবৰৰ পৰা নৱেম্বৰলৈ ৬,১৮১খন বিশেষ ৰে’ল চলোৱাৰ ব্যৱস
Railway more facilities


নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। ছঠ পূজাৰ পিছত যাত্ৰীসকলৰ বাবে নিৰাপদ আৰু আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰিবলৈ ভাৰতীয় ৰেলৱে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। যাত্ৰীসকলৰ উভতি অহা যাত্ৰাৰ সুবিধাৰ বাবে ২৮ অক্টোবৰৰ পৰা নৱেম্বৰলৈ ৬,১৮১খন বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত তেওঁলোকে সময়মতে কৰ্মস্থলীলৈ উভতি যাব পাৰিব।

ৰে’লৱেৰ তথ্য অনুসৰি বৰ্ধিত চাহিদা পূৰণৰ বাবে নিয়মীয়া ৰে’লত অতিৰিক্ত ডবা সংযোজন কৰা হৈছে। প্ৰধান ষ্টেচনসমূহৰ হোল্ডিং এৰিয়াসমূহ বতৰ প্ৰতিৰোধী কৰি তোলা হৈছে যাতে যাত্ৰীসকলে যাত্ৰাৰ পূৰ্বে আৰামদায়ক অপেক্ষাৰ স্থান লাভ কৰিব পাৰে। বিহাৰৰ পাটনা, দনাপুৰ, ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল, সহৰছা, দৰভংগা, মুজফ্ফৰপুৰ, গয়া, সমস্তীপুৰ, বৰাউনী আদি, উত্তৰ প্ৰদেশৰ গোৰখপুৰ, বলিয়া, বাৰাণসীকে ধৰি মুঠ ৩০ টা ষ্টেচনত এই ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰিও যাত্ৰীৰ সুবিধাৰ বাবে স্বয়ংক্ৰিয় টিকট ভেণ্ডিং মেচিন, যাত্ৰী সংৰক্ষণ ব্যৱস্থাৰ কাউণ্টাৰ, আৰু ভ্ৰাম্যমাণ সংৰক্ষিত নোহোৱা টিকটৰ সুবিধা সম্প্ৰসাৰণ কৰা হৈছে।

নিৰাপত্তা আৰু সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰাৰ বাবে পৰ্যাপ্ত সংখ্যক ৰে’ল সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ জোৱান নিয়োগ কৰা হৈছে। যাত্ৰী সহায়ক বুথ, তথ্য কাউণ্টাৰ, শাৰী ব্যৱস্থাপনা ব্যৱস্থা, ৰাজহুৱা ঘোষণা ব্যৱস্থা আদিও শক্তিশালী কৰা হৈছে। ডাঙৰ ডাঙৰ ষ্টেচনসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পোহৰ, আৰু অনাময় ব্যৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে।

বাস্তৱ সময়ত কাৰ্য্যকলাপ নিৰীক্ষণ কৰিবলৈ আৰু যিকোনো যাত্ৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি তৎকালীন সঁহাৰি দিবলৈ নিৰ্দিষ্ট যুদ্ধ কক্ষসমূহ ৰে’ল ভৱন, জ'নেল, আৰু বিভাগীয় পৰ্যায়ত ২৪x৭ কাৰ্যক্ষম হৈ থাকে। ৰে’ল মন্ত্ৰালয়ৰ ভিতৰত স্থাপন কৰা ৰাষ্ট্ৰীয় যুদ্ধ কক্ষৰ জৰিয়তে, লগতে সকলো জ’নেল মুখ্য কাৰ্যালয় আৰু সংমণ্ডলীয় কাৰ্যালয়ত ভিৰ নিৰীক্ষণ কৰা হৈছে। সকলো ডাঙৰ ষ্টেচনতে চিচিটিভি কেমেৰা স্থাপন কৰা হয়, যিয়ে যাত্ৰীৰ সংখ্যা আৰু কাৰ্যকলাপ অহৰহ নিৰীক্ষণ কৰে। এই ষ্টেচনসমূহত নিৰীক্ষণ কক্ষও স্থাপন কৰা হৈছে। ২৪ ঘণ্টীয়া নিৰীক্ষণৰ তদাৰক কৰিছে নিজেই ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

কোনো স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক সহায়ৰ বাবে পাটনা, মুজাফ্ফৰপুৰ, দৰভংগা, গয়া, ছাহৰছা আদি ষ্টেচনত ২৪x৭ মেডিকেল বুথ স্থাপন কৰা হৈছে। ৰাজ্য চৰকাৰ, অগ্নিনিৰ্বাপক বিভাগ, আৰু এম্বুলেন্স সেৱাৰ সৈতে সমন্বয়ৰ জৰিয়তে জৰুৰীকালীন সেৱাসমূহ ষ্টেণ্ডবাইত ৰখা হৈছে।

ছঠ পূজাৰ শুভ উপলক্ষে ৰেলৱে ষ্টেচনত ছঠ গীত সম্প্ৰচাৰ আৰম্ভ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে যাত্ৰীসকলক উৎসৱৰ শুভ মনোভাৱৰ সৈতে সংযোগ কৰি তেওঁলোকৰ যাত্ৰাক অধিক সুখদায়ক কৰি তোলা। ছঠ পূজাৰ সময়ত ৰেল ষ্টেচনত বজোৱা এই ভক্তিমূলক গীতসমূহে ভক্তসকলৰ বাবে এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। পাটনা, ডানাপুৰ, হাজীপুৰ, ভাগলপুৰ, জামালপুৰ, সোণপুৰ, নতুন দিল্লী, গাজিয়াবাদ, আৰু আনন্দ বিহাৰ টাৰ্মিনেল আদি ডাঙৰ ডাঙৰ ষ্টেচনত এই গীতসমূহে যাত্ৰীসকলক ঘৰ আৰু সংস্কৃতিৰ অনুভূতি প্ৰদান কৰি আহিছে, তেওঁলোকৰ যাত্ৰাত ভক্তি আৰু আনন্দৰ সঞ্চাৰ কৰিছে। ছঠ পূজাৰ পবিত্ৰতা আৰু সাংস্কৃতিক সোৱাদ ৰে’ল ষ্টেচনতো অনুভৱ কৰা হৈছে।

ভাৰতীয় ৰেলৱেই যাত্ৰীসকলক নিৰাপদ, নিৰ্ভৰযোগ্য, আৰু আৰামদায়ক ভ্ৰমণ প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই উৎসৱৰ বতৰত নিষ্ঠা আৰু সেৱাৰে দেশখনক সেৱা আগবঢ়াবলৈ সাজু।

মন কৰিবলগীয়া যে উৎসৱৰ বতৰত যাত্ৰীসকলৰ বাবে সুকলমে আৰু আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰিবলৈ ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশতে ১২ হাজাৰৰো অধিক বিশেষ ৰে’ল চলাই আছে। উৎসৱৰ প্ৰচণ্ড ভীৰৰ কথা মনত ৰাখি নতুন দিল্লী, আনন্দ বিহাৰ টাৰ্মিনেল, উধনা, পুনে, মুম্বাই, বেংগালুৰু আদি ডাঙৰ ডাঙৰ ষ্টেচনত যাত্ৰীৰ সকলো সুবিধাৰে সজ্জিত হোল্ডিং এলেকা সৃষ্টি কৰা হৈছে। ৰেলৱেৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক পথ প্ৰদৰ্শন, শৃংখলা বজাই ৰখা আৰু সকলোৱে নিৰাপদে ঘৰ পোৱাটো নিশ্চিত কৰাৰ বাবে ২৪ ঘণ্টাই কাম কৰি আছে যাতে তেওঁলোকে নিজৰ আপোনজনৰ সৈতে উৎসৱটো উদযাপন কৰিব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande