লংগেৱালা সীমান্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰত্যক্ষ কৰিলে থাৰ শক্তি সামৰিক অনুশীলন
তনোট মাতা মন্দিৰ পৰিদৰ্শন কৰি কয় যে ভাৰতীয় সেনা সকলো পৰিস্থিতিত দেশক ৰক্ষা কৰিবলৈ সাজু যোধপুৰ, ২৪ অক্টোবৰ (হি.স.)। ভাৰত-পাক সীমান্তৰ সীমান্তৱৰ্তী জিলা জয়ছালমেৰ ভ্ৰমণৰ দ্বিতীয় দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে লংগেৱালা সীমান্তত ভা
jodhpur


তনোট মাতা মন্দিৰ পৰিদৰ্শন কৰি কয় যে ভাৰতীয় সেনা সকলো পৰিস্থিতিত দেশক ৰক্ষা কৰিবলৈ সাজু

যোধপুৰ, ২৪ অক্টোবৰ (হি.স.)। ভাৰত-পাক সীমান্তৰ সীমান্তৱৰ্তী জিলা জয়ছালমেৰ ভ্ৰমণৰ দ্বিতীয় দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে লংগেৱালা সীমান্তত ভাৰতীয় সেনাই চলাই থকা থাৰ শক্তি সামৰিক অনুশীলন পৰ্যবেক্ষণ কৰে। তেওঁ সেনাবাহিনীৰ আধুনিক যুদ্ধ ক্ষমতা আৰু মৰুভূমিত যুদ্ধৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ভ্ৰমণৰ সময়ত তেওঁ তনোট মাতা মন্দিৰ পৰিদৰ্শন কৰে, য’ত তেওঁ মন্দিৰ চৌহদত সংৰক্ষিত বোমাসমূহো প্ৰত্যক্ষ কৰে, যিবোৰ এতিয়াও তাত প্ৰদৰ্শিত হৈ আছে। তাত প্ৰদৰ্শিত ফটোৰ বিষয়েও তেওঁ সোধা-পোছা কৰে। ইয়াৰ পিছত তেওঁ যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি সৈনিকসকলৰ সৈতে সাক্ষাৎ কৰি ১৯৭১ চনৰ যুদ্ধৰ সৈতে জড়িত তথ্য অধ্যায়ন কৰে।

এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰীয়ে জোৱানসকলৰ সাহস, বীৰত্ব, আৰু নিষ্ঠাৰ প্ৰশংসা কৰি ভাৰতীয় সেনা সকলো পৰিস্থিতিত দেশৰ সীমা ৰক্ষাৰ বাবে সাজু বুলি উল্লেখ কৰে। সেনা বিষয়াৰ সৈতেও তেওঁ মত বিনিময় কৰিছিল আৰু কাৰ্যকৰী প্ৰস্তুতিৰ তথ্য লাভ কৰিছিল।

জয়ছালমেৰ ভ্ৰমণৰ দ্বিতীয় দিন শুকুৰবাৰে ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত লংগেৱালাত ভাৰতীয় সেনাৰ থাৰ শক্তি অনুশীলন পৰ্যবেক্ষণ কৰে ৰাজনাথ সিঙে। মৰুভূমিৰ বালিত সৈন্যসকলে আধুনিক যুদ্ধ ক্ষমতা আৰু ধৈৰ্য্য প্ৰদৰ্শন কৰিছিল। এই অনুশীলনত ৰবটিক কুকুৰ, ড্ৰ’ন, উন্নত বাহন, অত্যাধুনিক টেংক, হেলিকপ্টাৰ আদিয়ে ভৱিষ্যতৰ যুদ্ধৰ দক্ষতা আৰু গতি আৰু শক্তিৰ এক অনন্য সংমিশ্ৰণ প্ৰদৰ্শন কৰিছিল। ৰবটিক পদ্ধতিত যুদ্ধক্ষেত্ৰত যোগানৰ ক্ষমতাও প্ৰদৰ্শন কৰিছিল।

সীমান্তত নিয়োজিত জোৱানসকলৰ সৈতে সাক্ষাৎ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ব্যক্তিগতভাৱে জলপান পৰিৱেশন কৰি উৎসাহিত কৰে। এই উপলক্ষে তেওঁ ১৯৭১ চনৰ যুদ্ধবীৰ মেজৰ কুলদীপ সিং চান্দপুৰীৰ সন্মানত নামাকৰণ কৰা লংগেৱালা যুদ্ধক্ষেত্ৰত চন্দপুৰী হল উদ্বোধন কৰে। লগতে লঙেৱালা যুদ্ধ স্মৃতিসৌধত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লংগেৱালা হৈছে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত ভাৰতীয় সেনাই শত্ৰুপক্ষৰ এক মৰ্মান্তিক পৰাজয়ৰ সৃষ্টি কৰা ঐতিহাসিক স্থান। থাৰ শক্তি অনুশীলনৰ জৰিয়তে সেনাই পুনৰবাৰ দেশৰ সীমান্ত সম্পূর্ণ সুৰক্ষিত বুলি বার্তা প্রদান কৰে৷

ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিশ্ববিখ্যাত তনোট মাতা মন্দিৰ পৰিদৰ্শন কৰি প্ৰাৰ্থনা কৰে। তেওঁৰ সৈতে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু বেটল এক্স কমাণ্ডাৰ মেজৰ জেনেৰেল আশীষ খুৰানাও উপস্থিত থাকে। মন্দিৰ চৌহদত তেওঁক আদৰণি জনায় সীমান্ত সুৰক্ষা বাহিনীৰ উপ-মহাপৰিদৰ্শক যতীন্দৰ সিং বিঞ্জী, কামাণ্ডাৰ নীৰজ শৰ্মা, সহকাৰী অধিনায়ক বিকাশ নাৰায়ণ সিঙে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তনোট মাতা মন্দিৰত আচাৰ-ব্যৱহাৰ কৰি দেশৰ সমৃদ্ধি আৰু সীমান্তৰ নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা কৰে। তাৰ পাছত মহাদেৱ মন্দিৰত জলাভিষেক কৰি মনছা মাতা মন্দিৰৰ সমীপৰ খেজুৰ গছত ৰুমাল বান্ধি নিজৰ ইচ্ছা পূৰণ কৰে। ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত পাকিস্তানে নিক্ষেপ কৰা বোমাবোৰো তেওঁ চোৱা-চিতা কৰিছিল, যিবোৰ বোমা তনোট মাটাৰ কৃপাত বিস্ফোৰণ নোহোৱাকৈ থকা বুলি ধাৰণা কৰা হৈছে।

এই ঐতিহাসিক স্থানত ভাষণ দি ৰাজনাথ সিঙে কয় যে ৰাষ্ট্ৰৰ অদম্য বিশ্বাস আৰু বীৰত্বৰ প্ৰতীক তনোট মাতা ভ্ৰমণ কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে। তেওঁ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ জাতি সেৱাৰ বাবে সাহস, আনুগত্য আৰু দায়বদ্ধতাক প্ৰশংসা কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande