মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে মুকলি কৰিলে নতুন হেল্পলাইন নম্বৰ - ১৫১৫, ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সেৱা
নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে পুষ্টি আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা (পিএমএমভিৱাই)ৰ বাবে ১৫১৫ নম্বৰৰ নতুন টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথা ঘোষণা কৰে। এই নতুন নম্বৰটো ১ নৱেম্বৰৰ পৰা সক্ৰিয়
महिला एवं बाल विकास मंत्रालय


নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে পুষ্টি আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা (পিএমএমভিৱাই)ৰ বাবে ১৫১৫ নম্বৰৰ নতুন টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথা ঘোষণা কৰে। এই নতুন নম্বৰটো ১ নৱেম্বৰৰ পৰা সক্ৰিয় হ’ব আৰু ই বৰ্তমানৰ ১৪৪০৮ নং হেল্পলাইন নম্বৰৰ ঠাই ল’ব।

শুকুৰবাৰে মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত উল্লেখ কৰা হৈছে যে পুষ্টি আৰু পিএমএমভিৱাই আঁচনিৰ অধীনত সাহায্য লাভ কৰাসকলৰ বাবে দ্ৰুত আৰু সহজ সেৱা নিশ্চিত কৰাৰ বাবে হিতাধিকাৰীসকলৰ সুবিধাৰ্থে এই পৰিৱৰ্তন কৰা হৈছে। নতুন চিস্টেমৰ সংহতি প্ৰক্ৰিয়া চলি থকাৰ বাবে, প্ৰথম অৱস্থাত কিছু সময়ৰ বাবে কল সংযোগ বিঘ্নিত হ'ব পাৰে।

মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে যদিহে এই সময়ছোৱাত ফোন কৰাসকলে নতুন নম্বৰ ১৫১৫ত যোগাযোগ কৰিব নোৱাৰে তেন্তে তেওঁলোকে সাময়িকভাৱে পুৰণি নম্বৰ ১৪৪০৮ ব্যৱহাৰ কৰি যাব পাৰিব।এই হেল্পলাইনে পুষ্টি আৰু পিএমএমভিৱা আঁচনিৰ সৈতে জড়িত প্ৰশ্ন, তথ্য, আৰু সহায়ৰ বাবে এক ঐক্যবদ্ধ যোগাযোগ বিন্দু হিচাপে কাম কৰি যাব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande