


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf2{font-family:Consolas;font-size:11pt;}.pf0{}
কোচি, ২৪ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে কেৰালাৰ এৰ্নাকুলামৰ ছেইণ্ট টেৰেছা কলেজৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীক প্ৰেমৰ চিন স্বৰূপে দেশৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা পাঁচটা উপহাৰ প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ প্লেটিনাম জুবিলী অডিটৰিয়ামত নিশা ১২:১০ বজাৰ পৰা আৰম্ভ হয় ছেইণ্ট টেৰেছা কলেজৰ শতবাৰ্ষিকী উদযাপন।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আধ্যাত্মিক মূল্যবোধৰ প্ৰতি দৃঢ় দায়বদ্ধতাৰে ভাৰতত মহিলা শিক্ষাৰ প্ৰচাৰ চলাইছে ছেইণ্ট টেৰেছা কলেজে। সামাজিক পৰিৱর্তন আৰু জাতি-নির্মাণত ই এক বৃহৎ অৱদান৷ এই প্ৰতিষ্ঠানটো গঢ়ি তোলা আৰু এশ বছৰ ধৰি স্থায়ী সাফল্যৰ পথত আগুৱাই যোৱা বিশিষ্ট ব্যক্তিসকলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰক আমি গভীৰভাৱে স্বীকাৰ কৰিব লাগিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগী সাধন কৰিবলৈ মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে মহিলাৰ নেতৃত্বত এখন সমাজ অধিক মানৱীয় আৰু ফলপ্ৰসূ হ’ব। ভাৰতৰ সংবিধান সভাৰ ১৫ গৰাকী মহিলা সদস্যৰ ভিতৰত তিনিগৰাকী—আম্মু স্বামীনাথন, এনি মাস্কাৰেন, আৰু দক্ষায়নী ভেলায়ুধন—কেৰালাৰ। ৰাজ্যখনৰ আগশাৰীৰ মহিলাসকলৰ কথাও উল্লেখ কৰে, যেনে ন্যায়াধীশ আন্না চাণ্ডী আৰু ন্যায়াধীশ এম ফাতিমা বিভি।
ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষা আৰু আধ্যাত্মিক মূল্যবোধৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰাৰ বাবে ছেইণ্ট টেৰেছাক প্ৰশংসা কৰে। ছেইণ্ট টেৰেছা কলেজে শিক্ষাৰ জৰিয়তে বহনক্ষমতা, নেতৃত্ব, আৰু এজেন্সীক প্ৰসাৰিত কৰাৰ বাবে শ্লেট (SLATE) নামৰ এটা প্ৰকল্প আৰম্ভ কৰা বুলি জানি তেওঁ আনন্দিত হোৱা বুলিও কয় ছানীয়ে। এই প্ৰকল্প আৰম্ভ কৰি মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ উদ্দেশ্যৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধীনত যুৱক-যুৱতীসকলক ভাৰতৰ লক্ষ্যৰ সৈতে সংযোগ কৰা আৰু ভৱিষ্যতৰ চাকৰিৰ বাবে তেওঁলোকক সজ্জিত কৰাটো এই প্ৰকল্পৰ প্ৰশংসনীয় উদ্দেশ্য।
এই অনুষ্ঠানত মুঠ ১৬৩২ জন আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে, য’ত ৮৩৯ জন ছাত্ৰ-ছাত্ৰী, ২২০ জন এন এছ এছ-এনচিচিৰ স্বেচ্ছাসেৱক, ২২৫ জন শিক্ষক, আৰু ২০০ৰো অধিক গণ্যমান্য ব্যক্তি আছিল। চাৰিদিনীয়া কেৰালা ভ্ৰমণ সম্পূৰ্ণ কৰি দিল্লীলৈ উভতি আহে ৰাষ্ট্ৰপতি মুৰ্মু। ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দুপৰীয়া ২:১৫ বজাত দিল্লীলৈ উভতি আহে।
हिन्दुस्थान समाचार / অৰৱিন্দ