বৰ্তমান বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে ঋষব শ্বেট্টীৰ ছবি 'কান্তাৰা চেপ্টাৰ ১'। ২ অক্টোবৰত চিনেমাগৃহত মুক্তি পোৱা ছবিখনে ১৬ দিনৰ ভিতৰত বিপুল ধন উপাৰ্জন কৰি অৱশেষত ৫০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে। যদিও ব্যৱসায়িক দিনত ইয়াৰ উপাৰ্জন সামান্য হ্ৰাস পাইছিল, তথাপিও সপ্তাহৰ শেষৰ ফালে ছবিখনে পুনৰ গতি লাভ কৰিছে।
সাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি, ছবিখনে ১৭ অক্টোবৰৰ তৃতীয় শনিবাৰে বক্স অফিচত ১২.৫০ কোটি টকাৰ বৃহৎ উপাৰ্জন কৰে। ইয়াৰ আগৰ দিনা ১৬ অক্টোবৰত ছবিখনৰ সংগ্ৰহ আছিল ₹৮.৫ কোটি। উইকেণ্ড আৰু দীপাৱলীৰ পৰিৱেশৰ পৰা ঋষব শ্বেট্টীৰ ছবিখনে লাভৱান হোৱাটো স্পষ্ট। মুঠতে 'কান্তাৰা চেপ্টাৰ ১' মুক্তিৰ ১৭ তাৰিখৰ ভিতৰত ₹৫০৬.২৫ কোটি টকা লাভ কৰিছে।
এই আকৰ্ষণীয় অভিনয়েৰে ছবিখনে ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে। এতিয়া এই ছবিখনে বিকি কৌশলৰ চাৱাৰ অভিলেখ ভংগ কৰাৰ লক্ষ্য ৰাখিছে, যিয়ে এতিয়ালৈকে ₹৬০৩ কোটি উপাৰ্জন কৰিছে। ইফালে বক্স অফিচত ঋষভক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আহি আছে আয়ুষ্মান খুৰানা আৰু ৰশ্মিকা মণ্ডন্নাৰ ছবি থামা। এই ছবিখন ২১ অক্টোবৰত (দীপাৱলী) মুক্তি পোৱাৰ কথা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া