দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ২.১৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৭.৭৮ বিলিয়ন ডলাৰ
মুম্বাই, ১৭ অক্টোবৰ (হি.স.)। অৰ্থনৈতিক ফ্ৰণ্টত চাঞ্চল্যকৰ খবৰ। একেৰাহে চতুৰ্থ সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। যোৱা ১০ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত ২.১৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৭.৭৮ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ আগৰ সপ্তাহটোত দেশৰ মুঠ ব
विदेशी मुद्रा भंडार के लोगो का प्रतीकात्‍मक चित्र


মুম্বাই, ১৭ অক্টোবৰ (হি.স.)। অৰ্থনৈতিক ফ্ৰণ্টত চাঞ্চল্যকৰ খবৰ। একেৰাহে চতুৰ্থ সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। যোৱা ১০ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত ২.১৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৭.৭৮ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ আগৰ সপ্তাহটোত দেশৰ মুঠ বিদেশী মুদ্ৰাৰ মজুত ২৭.৬ কোটি হ্ৰাস পাই ৬৯৯.৯৬ বিলিয়ন ডলাৰ হৈছিল।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ১০ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ মূল উপাদান হিচাপে বিবেচিত বিদেশী মুদ্ৰাৰ সম্পত্তি ৫.৬০ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৭২.১০ বিলিয়ন ডলাৰ হৈছে।আৰ বি আইৰ তথ্য অনুসৰি এই সময়ছোৱাত দেশৰ সোণৰ মজুত ৩.৫৯ বিলিয়ন ডলাৰ বৃদ্ধি পাই ১০২.৩৬ বিলিয়ন ডলাৰ হৈছে।

ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি এই সময়ছোৱাত বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ) ১৩০ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৬৮৪ বিলিয়ন ডলাৰ হৈছে। তথ্য অনুসৰি ১০ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহটোত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে ভাৰতৰ মজুত ৩৬ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৬৩ বিলিয়ন ডলাৰ হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande