ইণ্ডিগ’ এয়াৰলাইন্সে ক্ৰয় কৰিব ৩০খন বহল বডি এ৩৫০ বিমান
নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। ইণ্ডিগ’ই এয়াৰবাছৰ সৈতে শুকুৰবাৰে অতিৰিক্ত ৩০খন এ৩৫০-৯০০ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰি মুঠ বহল বডি বিমানৰ অৰ্ডাৰ ৬০টালৈ বৃদ্ধি কৰে। বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে এয়াৰবাছৰ সৈতে চুক্তিবদ্ধ হৈছে, য’ত এয়াৰব
समझौता ज्ञापन पर हस्ताक्षर का प्रतीकात्मक चित्र


समझौता ज्ञापन पर हस्ताक्षर का प्रतीकात्मक चित्र


समझौता ज्ञापन पर हस्ताक्षर का प्रतीकात्मक चित्र


নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। ইণ্ডিগ’ই এয়াৰবাছৰ সৈতে শুকুৰবাৰে অতিৰিক্ত ৩০খন এ৩৫০-৯০০ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰি মুঠ বহল বডি বিমানৰ অৰ্ডাৰ ৬০টালৈ বৃদ্ধি কৰে।

বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে এয়াৰবাছৰ সৈতে চুক্তিবদ্ধ হৈছে, য’ত এয়াৰবাছ এ৩৫০-৯০০ বিমানৰ ৭০খন ক্ৰয় অধিকাৰৰ ভিতৰত ৩০টাক দৃঢ় অৰ্ডাৰলৈ ৰূপান্তৰ কৰাটো নিশ্চিত কৰা হৈছে।

কোম্পানীটোৰ মতে, “ইণ্ডিগ’ৱে এতিয়া বহল (ৱাইড) বডি বিমানৰ অৰ্ডাৰ ৩০ৰ পৰা ৬০খন এয়াৰবাছ এ৩৫০-৯০০ বিমানলৈ বৃদ্ধি কৰিছে।” এই অতিৰিক্ত ৩০খন বিমানৰ বাবে জুন মাহত দুয়োপক্ষই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বৰ্তমান ইণ্ডিগোৰ ৪০০ৰো অধিক বিমানৰ বহৰ আছে।

মন কৰিবলগীয়া যে দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে। এতিয়া ইয়াৰ হাতত আৰু ৪০খন এ৩৫০ শ্ৰেণীৰ বিমানৰ ক্ৰয়ৰ অধিকাৰ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande