দেশৰ অন্যতম জনপ্ৰিয় ৱেব ছিৰিজ মিৰ্জাপুৰ এতিয়া ডাঙৰ পৰ্দাত মুক্তি পাবলৈ সাজু হৈছে। এই ব্লকবাষ্টাৰ ফ্ৰেঞ্চাইজিটোক এখন ছবিলৈ ৰূপান্তৰিত কৰাৰ বাবে এক্সেল এণ্টাৰটেইনমেণ্ট আৰু এমাজন ষ্টুডিঅ’ই সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। নতুন ছবিখনৰ নাম হ'ব মিৰ্জাপুৰ: দ্য ফিল্ম। ইয়াৰ সৃষ্টি কৰিছে পুনীত কৃষ্ণই, পৰিচালনা কৰিছে গুৰমীত সিঙে।
মিৰ্জাপুৰই দুটা ছিজনত দৰ্শকৰ মাজত যি জনপ্ৰিয়তা লাভ কৰিছিল, সেয়া আছিল অতুলনীয়। শ্ব’টোৰ চৰিত্ৰ, সংলাপ, কাহিনীয়ে ভাৰতীয় অ’টিটি ইতিহাসত এক নতুন মাপকাঠী স্থাপন কৰে। ইফালে ছবিখনৰ শ্বুটিংৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় চৰিত্ৰ কালিন ভাইয়া (পংকজ ত্ৰিপাঠী) আৰু গুড্ডু পণ্ডিত (আলী ফজল) পুনৰ একত্ৰিত হোৱা দেখি ৰোমাঞ্চিত হৈ পৰিছে। ৰামনগৰ দুৰ্গ আৰু বাৰাণসীৰ পুৰণি ৰাজপথত সংঘটিত হোৱা এই চিত্ৰগ্ৰহণৰ আভাসে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে।
ছবিখনত অভিনয় কৰিছে পংকজ ত্ৰিপাঠী আৰু আলী ফজলৰ লগতে দিব্যেন্দু শৰ্মা (মুন্না ত্ৰিপাঠী) আৰু অভিষেক বেনাৰ্জীয়ে। বিশ্বাস কৰা হৈছে যে এই ছবিখনে অ’টিটি প্লেটফৰ্মত চিত্ৰিত সংগ্ৰাম, ক্ষমতা, আৰু প্ৰতিশোধৰ কাহিনীৰ ওপৰত এক নতুন দৃষ্টিভংগী উপস্থাপন কৰিব। প্ৰযোজকসকলৰ মতে, ২০২৬ চনত ছবিগৃহত মুক্তি পাব ‘মিৰ্জাপুৰ: দ্য ফিল্ম’ ছবিগৃহত মুক্তি পোৱাৰ আঠ সপ্তাহৰ পিছত প্ৰাইম ভিডিঅ’ত ষ্ট্ৰীম কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ