
ৱাশ্বিংটন, ১০ অক্টোবৰ (হি.স.)। ইৰাণৰ তেল আৰু পেট্ৰ’কেমিকেল বাণিজ্যত সহায় কৰাৰ অভিযোগত অভিযুক্ত প্ৰায় ১০০ জন ব্যক্তি, সত্তা আৰু জাহাজৰ ওপৰত আমেৰিকাই নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ভিতৰত আছে চীনৰ স্বতন্ত্ৰ শোধনাগাৰ আৰু তেল টাৰ্মিনেল। এই ব্যৱস্থা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ০৯ অক্টোবৰত গ্ৰহণ কৰিছিল।
আমেৰিকাৰ কোষাগাৰ বিভাগে চীনৰ শ্বানডং জিনচেং পেট্ৰ’কেমিকেল গ্ৰুপ কোম্পানীক নিষিদ্ধ কৰাৰ অনুমোদন জনাইছে। ২০২৩ চনৰ পৰা লাখ লাখ বেৰেল ইৰাণৰ তেল ক্ৰয় কৰা শ্বানডং প্ৰদেশত অৱস্থিত ই এক স্বতন্ত্ৰ শোধনাগাৰ। ইয়াৰ উপৰিও লানশ্বান বন্দৰত টাৰ্মিনেল চলোৱা ৰিজাও শ্বিহুয়া খাৰুৱা তেল টাৰ্মিনেল কোম্পানীকো লক্ষ্য কৰি লোৱা হৈছে। বিভাগটোৰ মতে, টাৰ্মিনেলটোৱে ইৰাণৰ “ছাঁয়া বহৰ”ৰ ডজনৰো অধিক জাহাজৰ পৰা তেল নমাইছে, য’ত কংম, বিগ মেগ আৰু ভয় (Kongm, Big Mag আৰু Voy )ৰ দৰে টেংকাৰো আছে।
আমেৰিকাৰ বিষয়াসকলে কয় যে ইৰাণৰ তেল নেটৱৰ্কে ইয়াৰ পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰে আৰু মধ্যপ্ৰাচ্যৰ উগ্ৰপন্থী সংগঠনসমূহক সমৰ্থন কৰে। কিন্তু ইৰানে কয় যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী বিশুদ্ধ শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে।
কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে কোষাগাৰ বিভাগে ইৰাণৰ শক্তি ৰপ্তানি ব্যৱস্থাৰ মূল অংশসমূহ ভাঙি পেলোৱাৰ জৰিয়তে ইৰাণৰ নগদ ধনৰ প্ৰবাহক ক্ষতিগ্ৰস্ত কৰিছে। ইৰাণৰ তেল ক্ৰয় অব্যাহত ৰখাৰ অভিযোগত চীনৰ শোধনাগাৰৰ বিৰুদ্ধে এয়া চতুৰ্থটো দমন পদক্ষেপ।
প্ৰথমবাৰৰ বাবে চীনস্থিত জিয়াংগিন ফৰ এভাৰ কেমিকেল লজিষ্টিকছ নামৰ টাৰ্মিনেলতো ইৰাণৰ মূলৰ পেট্ৰ’কেমিকেল সামগ্ৰী গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
ইজৰাইল আৰু হামাছে গাজা যুদ্ধবিৰতি আৰু পণবন্দী চুক্তিত উপনীত হোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যিটো সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’লে ইৰাণ, য়েমেন আৰু লেবাননৰ দৰে দেশৰ সৈতে জড়িত আঞ্চলিক সংঘাত নিৰাময়ৰ বাবে এতিয়ালৈকে হোৱা আটাইতকৈ উল্লেখযোগ্য প্ৰচেষ্টা বুলি প্ৰমাণিত হ’ব পাৰে।
অৱশ্যে ৱাশ্বিংটনত থকা চীনৰ দূতাবাস আৰু নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘত ইৰাণৰ মিছনে এই সন্দৰ্ভত ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া