নেপালৰ প্ৰধানমন্ত্ৰীৰ জেন জিৰ আৱেগক সম্পূৰ্ণ সন্মান জনোৱাৰ আশ্বাস
কাঠমাণ্ডু, ১০ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিয়ে জেন জি বিদ্ৰোহৰ প্ৰথম মাহ উপলক্ষে ভিডিঅ’ বাৰ্তাযোগে জেন জিৰ আৱেগক সম্পূৰ্ণ সন্মান জনোৱা হ’ব বুলি উল্লেখ কৰে। যোৱা নিশা গভীৰ নিশা এই ভিডিঅ’ মেছেজটো মুকলি কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী
नेपाल की अंतरिम प्रधानमंत्री सुशीला कार्की


কাঠমাণ্ডু, ১০ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিয়ে জেন জি বিদ্ৰোহৰ প্ৰথম মাহ উপলক্ষে ভিডিঅ’ বাৰ্তাযোগে জেন জিৰ আৱেগক সম্পূৰ্ণ সন্মান জনোৱা হ’ব বুলি উল্লেখ কৰে। যোৱা নিশা গভীৰ নিশা এই ভিডিঅ’ মেছেজটো মুকলি কৰা হয়।

প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি আৰু গৃহমন্ত্ৰী ৰমেশ লেখৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত যুৱক যুৱতীক গ্ৰেপ্তাৰ কৰাৰ পিছত চৰকাৰৰ সমালোচনাৰ মাজতে প্ৰধানমন্ত্ৰী কাৰ্কিয়ে দেশৰ জেন জি গোটক এই আশ্বাস প্ৰদান কৰে।

তেওঁ উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে জেন জিৰ আৱেগক সন্মান কৰে আৰু তেওঁলোকৰ দাবী পূৰণৰ বাবে চেষ্টা চলাইছে। তেওঁ লগতে কয় যে জেন জি বিদ্ৰোহৰ সময়ত নিহত যুৱক-যুৱতীসকলৰ ন্যায় সুনিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী কাৰ্কিয়ে তেওঁৰ ভাষণত স্বীকাৰ কৰে যে পূৰ্বৰ চৰকাৰসমূহে জেন জিৰ কণ্ঠ আৰু উদ্বেগক গুৰুত্ব দিয়াত ব্যৰ্থ হৈছিল। কাৰ্কিয়ে উল্লেখ কৰে যে এই চৰকাৰে কৃপা কৰি জেন জিৰ দাবী মানি লৈছে।

প্ৰধানমন্ত্ৰী কাৰ্কীয়ে নেপালৰ যুৱক-যুৱতীসকলে দাবী কৰা পৰিৱৰ্তনৰ প্ৰতি তেওঁৰ চৰকাৰৰ সম্পূৰ্ণ দায়বদ্ধতা প্ৰকাশ কৰে। তেওঁ জাতীয় ঐক্য, সংযম, আৰু গঠনমূলক নিয়োজিততাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নৱ প্ৰজন্মৰ নেতৃত্বত হোৱা বিপ্লৱক আমি সকলোৱে আকোৱালি ল’ব লাগিব বুলিও কয় কাৰ্কীয়ে। এফালে আমাৰ যুৱক-যুৱতীসকল গভীৰভাৱে হতাশ। আনফালে এই দেশৰ প্ৰতি তেওঁলোকৰ প্ৰেম আছে। তেওঁলোকৰ অনুভৱক মই সন্মান কৰো। পূৰ্বৰ চৰকাৰসমূহে তেওঁলোকৰ মাত শুনি তেওঁলোকৰ দাবী পূৰণ কৰাত ব্যৰ্থ হৈছিল। ইয়াৰ বাবে আমি আমাৰ ভুল আৰু দুৰ্বলতা স্বীকাৰ কৰিব লাগিব।

নেপালৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত জেন-জীৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে চৰকাৰে নতুন ব্যৱস্থা স্থাপন কৰিব বুলিও তেওঁ ঘোষণা কৰে। কাৰ্কিয়ে কয় যে আমি নতুন নেপাল নিৰ্মাণৰ ক্ষেত্ৰত জেন-জীক জড়িত কৰিবলৈ নতুন গাঁথনি স্থাপন কৰিছো।

এই উপলক্ষে প্ৰধানমন্ত্ৰী কাৰ্কীয়ে সকলোকে সংযম কৰি হিংসাৰ চক্ৰ ভংগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এতিয়া এই দুখজনক অধ্যায়টোক উন্নত কাইলৈৰ ভেটিলৈ ৰূপান্তৰিত কৰিবলৈ আমাক পাৰস্পৰিক সদিচ্ছা আৰু জাতীয় ঐক্যৰ প্ৰয়োজন।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande