অসমত ৩.৫ প্ৰাবল্যৰ ভূমিকম্প
গুৱাহাটী, ১০ অক্টোবৰ (হি.স.)। আজি বিয়লি অসমৰ শোণিতপুৰ জিলাত মধ্যমীয়া তীব্ৰতাৰ ভূমিকম্পৰ সৃষ্টি হয়। খবৰ অনুসৰি শোণিতপুৰ জিলাত বিয়লি ৩:৩৮:৩৫ বজাত অনুভূত হৈ ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্য পঞ্জীয়ন কৰে। কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই। কঁপনি অনুভৱ কৰাৰ
असम में भूकंप प्रभावित क्षेत्र के मैप


গুৱাহাটী, ১০ অক্টোবৰ (হি.স.)। আজি বিয়লি অসমৰ শোণিতপুৰ জিলাত মধ্যমীয়া তীব্ৰতাৰ ভূমিকম্পৰ সৃষ্টি হয়। খবৰ অনুসৰি শোণিতপুৰ জিলাত বিয়লি ৩:৩৮:৩৫ বজাত অনুভূত হৈ ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্য পঞ্জীয়ন কৰে। কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই।

কঁপনি অনুভৱ কৰাৰ লগে লগে মানুহে ঘৰৰ পৰা ওলাই আহি আতংকৰ সৃষ্টি কৰে। ভাৰতীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি শোণিতপুৰ জিলাৰ ৫ কিলোমিটাৰ মাটিৰ তলত ভূমিকম্পৰ কেন্দ্ৰবিন্দু। উত্তৰ অক্ষাংশ ২৬.৭৪ আৰু পূব দ্ৰাঘিমাংশ ৯২.৩৩ত এই ভূগৰ্ভস্থ আছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande