গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত এগৰাকী প্ৰসিদ্ধ ব্যক্তি বৰেণ্য অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান ঘটিছে। শ্বিলঙৰ বেথানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ ৯৩ বছৰ বয়স হৈছিল।
উল্লেখ্য যে ১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জন্ম লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। অভিনেত্ৰীগৰাকীৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত আছিল। আৰু তেওঁলোকে স্থায়ীভাৱে শ্বিলঙতে বসবাস কৰিছিল। পৰৱৰ্তী সময়ত জ্ঞানদা কাকতিয়ে লোহিত কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ।
প্ৰণিধানযোগ্য যে ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত ভূমুকি মাৰিছিল বৰেণ্য অভিনেত্ৰী জ্ঞানদা কাকতিয়ে। ‘পূবেৰুণ’ কথাছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল অভিনেত্ৰীগৰাকী। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল পূবেৰুণ ছবিখন। ইয়াৰ উপৰি পাৰঘাট পিয়লি ফুকন(১৯৫৫), সৰাপাত (১৯৫৬), লখিমী (১৯৫৬), ৰঙা পুলিচ (১৯৫৮), পুৱতি নিশাৰ সপোন, পুবেৰুণ, চাকনৈয়া (১৯৫৯), নৰকাসুৰ (১৯৬২), শেষ বিচাৰ (১৯৭১), ওপৰ মহলা (১৯৭২), প্ৰথম ৰাগিনী (১৯৮৭), প্ৰিয়জন (১৯৯৩), ৰাগ-বিৰাগ (১৯৯৬) ছবিত অভিনয় কৰিছিল জ্ঞানদা কাকতিয়ে।
আনহাতে অসমীয়াৰ উপৰিও বঙালী ছবি নীলাচলেৰ ‘মহাপ্ৰভু’, ‘গড়েৰ মাঠে’, ‘বৰমা’ত অভিনয় কৰিছিল জ্ঞানদা কাকতিয়ে। সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০২ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। ১৯৮৭ চনত ‘প্ৰথম ৰাগিনী’ ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। জ্ঞানদা কাকতিক বন্দীনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল অভিনেত্ৰীগৰাকীয়ে। জ্ঞানদা কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া