কোকৰাঝাৰ, ০৯ জানুৱাৰী (হি.স.): শক্তি আশ্ৰম নিৰ্মাণৰ এগৰাকী পুৰোধা ব্যক্তি, শিক্ষা বিদ, সমাজ সেৱক তথা শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰাক্তন অধ্যক্ষ জীতেন্দ্ৰ নাথ ৰায়ৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী আজি দিন জোৰা কাৰ্যসূচীৰে ৰাজহুৱা ভাৱে পালন কৰা হয়। কাৰ্যসূচী মৰ্মে ৰাতিপুৱা শক্তি আশ্ৰম শিৱ মন্দিৰত বন্তি প্ৰজ্বলন, তাৰ পিছত ক্ৰমে স্বামী যোগানন্দগিৰি মহাৰাজৰ সমাধিত বন্তি প্ৰজ্বলন, স্বামী যোগানন্দগিৰি মহাৰাজৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰা হয়।
ইয়াৰ পিছত স্বৰ্গীয় জীতেন্দ্ৰ নাথ ৰায়ৰ প্ৰতিচ্ছবিত ক্ৰমে বন্তি প্ৰজ্বলন , মাল্যৰ্পন আৰু পৰিয়াল তথা উপস্থিত ৰাইজৰ শ্ৰদ্ধা নিবেদন কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখযোগ্য যে শক্তি আশ্ৰম শিৱ মন্দিৰ প্ৰাংগনত স্বৰ্গীয় জীতেন্দ্ৰ নাথ ৰায়ৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী তৃতীয় বাৰৰ বাবে ৰাজহুৱাকৈ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচী স্বৰ্গীয় জীতেন্দ্ৰ নাথ ৰায়ৰ মৃত্যু বাৰ্ষিকী পালন সমিতিয়ে আয়োজন কৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ