বিৰিণাশায়েক পঞ্চায়তৰ অন্তৰ্গত যুৱ বৃন্দৰ উদ্যোগত দিবা নৈশ ক্ৰিকেট খেল উদ্বোধন
যোৰহাট, ০৮ জানুৱাৰী (হি.স.)। বিৰিণাশায়েক পঞ্চায়তৰ অন্তৰ্গত যুৱ বৃন্দৰ উদ্যোগত দিবা নৈশ ক্ৰিকেট খেল উদ্বোধন। তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰ এলেঙী বগী আই সত্ৰ খেলপথাৰত বিৰিণাশায়েক গাঁও পঞ্চায়ত এলেকাৰ সন্মিলিত যুৱ বৃন্দৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে অনু
বিৰিণাশায়েক পঞ্চায়তৰ অন্তৰ্গত যুৱ বৃন্দৰ উদ্যোগত দিবা নৈশ ক্ৰিকেট খেল উদ্বোধন।


যোৰহাট, ০৮ জানুৱাৰী (হি.স.)। বিৰিণাশায়েক পঞ্চায়তৰ অন্তৰ্গত যুৱ বৃন্দৰ উদ্যোগত দিবা নৈশ ক্ৰিকেট খেল উদ্বোধন।

তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰ এলেঙী বগী আই সত্ৰ খেলপথাৰত বিৰিণাশায়েক গাঁও পঞ্চায়ত এলেকাৰ সন্মিলিত যুৱ বৃন্দৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন কালি নিশা উদ্বোধন কৰে তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতি বিমান শইকীয়াই।

উদ্বোধনী অনুষ্ঠানত বিজেপিৰ অ বি চি মৰ্চাৰ অসম প্ৰদেশৰ সম্পাদক দীপক সন্দিকৈ, যুৱ সমাজকৰ্মী ক্ৰীড়া সংগঠক পাৰ্থ প্ৰতিম শইকীয়া ,সাংবাদিক দুদুল বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। যুৱ বৃন্দৰ উদ্যোগত দিবা নৈশ টেনিচ বল প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাখনৰ উদযাপন সমিতিৰ সভাপতি বিপুল বৰা সাধাৰণ সম্পাদক বিকাশ বনিয়া, উপসভাপতি দীননাথ দাস, সহকাৰী সম্পাদক প্ৰনৱ দাস, প্ৰচাৰ সম্পাদক চম্পক শইকীয়া, কোষাধ্যক্ষ সীমান্ত দাস প্ৰমুখ্যে কৰ্ম কৰ্তা সকলৰ নেতৃত্বত অনুষ্ঠিত কালিৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে চি-ইলেভেন আৰু এম ডি এ দলে। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ মহন্ত আৰু সমাজকৰ্মী জিতেন দাসে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande