কোৱাড্ৰেণ্ট ফিউচাৰ টেকৰ আই পি অ’ মুকলি, বিনিয়োগকাৰীয়ে ৯ জানুৱাৰীলৈকে দিব পাৰিব নিবিদা
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। ৰে’লৱে ছেফটি কভাৰ নিৰ্মাণ কোম্পানী কোৱাড্ৰেণ্ট ফিউচাৰ টেক লিমিটেডৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’) মঙলবাৰে বিনিয়োগকাৰীৰ বাবে মুকলি কৰা হয়। কোম্পানীয়ে ইয়াৰ বাবে প্ৰাইচ বেণ্ড ২৭৫-২৯০ টকা প্ৰতি শ্বেয়াৰত নিৰ্ধা
क्वाड्रेंट फ्यूचर टेक के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। ৰে’লৱে ছেফটি কভাৰ নিৰ্মাণ কোম্পানী কোৱাড্ৰেণ্ট ফিউচাৰ টেক লিমিটেডৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’) মঙলবাৰে বিনিয়োগকাৰীৰ বাবে মুকলি কৰা হয়। কোম্পানীয়ে ইয়াৰ বাবে প্ৰাইচ বেণ্ড ২৭৫-২৯০ টকা প্ৰতি শ্বেয়াৰত নিৰ্ধাৰণ কৰিছে। এই ইছ্যুৰ জৰিয়তে কোম্পানীটোৱে ২৯০ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে। ১৪ জানুৱাৰীত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)ত তালিকাভুক্ত হ’ব।

কোৱাড্ৰেণ্ট ফিউচাৰ টেক লিমিটেডৰ মতে, এই ইছ্যুত বিনিয়োগকাৰীয়ে ৯ জানুৱাৰীলৈকে নূন্যতম ৫০টা ইকুইটি শ্বেয়াৰ বা ইয়াৰ বহুগুণৰ বাবে নিবিদা দিব পাৰিব। খুচুৰা বিনিয়োগকাৰীৰ বাবে নূন্যতম বিনিয়োগৰ পৰিমাণ ১৪ হাজাৰ ৫০০ টকা। এই আই পি অ’টো সম্পূৰ্ণ ২৯০ কোটি টকাৰ নতুন ইছ্যু, য’ত কোনো অফাৰ ফৰ চেল (অ’এফএছ) নাই। ইছ্যুৰ পৰা ১৪৯.৭২ কোটি টকা কোম্পানীটোৱে দীৰ্ঘম্যাদী ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তাৰ পুঁজিৰ বাবে ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও ইলেক্ট্ৰনিক ইন্টাৰলক ব্যৱস্থাৰ বিকাশৰ বাবে ২৪.৩৭ কোটি টকা ব্যয় কৰা হ’ব। কোম্পানীয়ে ২৩.৬১ কোটি টকাৰ ৱৰ্কিং কেপিটেল টাৰ্ম লোনৰ সকলো বা অংশৰ প্ৰিপেমেণ্ট আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্য পূৰণ কৰিব।

কোৱাড্ৰেণ্ট ফিউচাৰ টেক লিমিটেড হৈছে গৱেষণা ভিত্তিক কোম্পানী। ই ভাৰতীয় ৰেলৱেৰ বাবে নতুন প্ৰজন্মৰ ৰেল নিয়ন্ত্ৰণ আৰু সংকেত ব্যৱস্থা প্ৰস্তুত কৰে। এই ব্যৱস্থাই ৰে’ল যাত্ৰীসকলক সৰ্বোচ্চ স্তৰৰ সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰে। ইয়াৰ লগতে ইলেক্ট্ৰন ৰশ্মি বিকিৰণ কেন্দ্ৰৰ সৈতে এটা বিশেষ কেবল নিৰ্মাণৰ সুবিধাও প্ৰদান কৰে। কোম্পানীটোৰ প্ৰমোটাৰ হিচাপে আছে মোহিত ভোহৰা, অমিত ধৱন, অমৃত সিং ৰান্ধৱা, ৰূপিন্দৰ সিং, বিষেশ আব্ৰল আৰু বিবেক আব্ৰল, এ জোট সিং আৰু ৰাজবীৰ সিং ৰান্ধৱা।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande