নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। দেশৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই কয় যে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি আশা কৰা হৈছে, যিটো চৰকাৰে প্ৰকাশ কৰা ৬.৪ শতাংশৰ হিচাপতকৈ কিছু কম।
বুধবাৰে প্ৰকাশ পোৱা এক গৱেষণা প্ৰতিবেদনত এছ বি আইয়ে কয় যে অৰ্থনৈতিক বিকাশত প্ৰভাৱ পেলোৱা কেইবাটাও প্ৰত্যাহ্বানৰ বাবে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ত জিডিপিৰ ‘নিম্নমুখী ধাৰা’ হ’ব। চলিত বিত্তীয় বৰ্ষত দেখা পোৱা ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ শেহতীয়া অনুমানতকৈও এছ বি আইৰ জিডিপি অনুমান কম, যিটো চাৰি বছৰৰ নিম্নতম।
ইয়াৰ এদিন পূৰ্বে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) বৃদ্ধিৰ হাৰ চাৰি বছৰৰ নিম্নতম ৬.৪ শতাংশত হ’ব বুলি অনুমান কৰিছে। এন এছ অ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে উৎপাদন খণ্ডৰ দুৰ্বল প্ৰদৰ্শন আৰু দুৰ্বল বিনিয়োগৰ বাবে চলিত বিত্তীয় বৰ্ষত অৰ্থনৈতিক বিকাশৰ হাৰ লেহেমীয়া হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া