এআই চালিত ৫-জি আৰএন প্লেটফৰ্ম বিকশিত কৰিবলৈ এআই টাচক কেন্দ্ৰৰ পুঁজি  অনুমোদন 
নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰে এআই-চালিত ৫জি আৰএএন প্লেটফৰ্ম বিকশিত কৰিবলৈ এআই টাচ্চক পুঁজি যোগান ধৰাৰ অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে ৫জি নেটৱৰ্কলৈ কাৰ্যকৰী দক্ষতা আনিব। ইয়াত আছে ৰেন ইন্টেলিজেন্ট কণ্ট্ৰোলাৰ (আৰ.আই.চি.), সেৱা ব্য
5-जी के लोगो का प्रतीकात्मतक चित्र


নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰে এআই-চালিত ৫জি আৰএএন প্লেটফৰ্ম বিকশিত কৰিবলৈ এআই টাচ্চক পুঁজি যোগান ধৰাৰ অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে ৫জি নেটৱৰ্কলৈ কাৰ্যকৰী দক্ষতা আনিব। ইয়াত আছে ৰেন ইন্টেলিজেন্ট কণ্ট্ৰোলাৰ (আৰ.আই.চি.), সেৱা ব্যৱস্থাপনা আৰু অৰ্কেষ্ট্ৰেচন (এছ.এম.ও.) আৰু নেটৱৰ্ক ডাটা এনালিটিক্স ফাংচন (এন.ডব্লিউ.ডি.এ.এফ.) মডিউল। কাৰ্যকৰীকৰণটো টেলিমেটিক্সৰ বিকাশ কেন্দ্ৰৰ (চি-ডট) দ্বাৰা তত্বাৱধান কৰা হ'ব। কৃত্ৰিম বুদ্ধিমত্তা (এআই) টাচ এলএলপিক 5জি আৰএএন (ৰেডিঅ' এক্সেছ নেটৱৰ্ক)ৰ উপাদান বিকশিত কৰাৰ বাবে দূৰসংযোগ বিভাগৰ আঁচনিৰ অধীনত পুঁজি প্ৰদান কৰা হৈছে।

বুধবাৰে চুক্তি স্বাক্ষৰ কৰাৰ পিছত চি-ড’টিৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ৰাজকুমাৰ উপাধ্যায়ে কয় যে কাৰ্যকৰী অংশীদাৰ হিচাপে চি-ড’টিয়ে প্ৰকল্পটোৱে প্ৰযুক্তিগত বিকাশৰ উচ্চতম মানদণ্ড মানি চলাটো নিশ্চিত কৰিব। ইফালে, টিটিডিএফ (টেলিকম টেকন’লজি ডেভেলপমেণ্ট ফাণ্ড)ৰ ডিডিজি ড০ পৰাগ আগৰৱালে কয় যে, “এই প্ৰকল্পই কেৱল এআই-চালিত অগ্ৰগতি আনিবই নহয়, ই এক আত্মনিৰ্ভৰশীল ৫জি পৰিৱেশ তন্ত্ৰৰ ভেটিও স্থাপন কৰিব।”

মন্ত্ৰালয়ৰ মতে, এআই টাচ এলএলপিক দূৰসংযোগ বিভাগৰ (ইউএছওএফ (বৰ্তমান ডিজিটেল ইণ্ডিয়া ফাণ্ড বুলি জনা যায়) টিটিডিএফ আঁচনিৰ অধীনত বিত্তীয় অনুদান প্ৰদান কৰা হৈছে। এআই টাচ ৫-জি-য়ে আৰএএন (ৰেডিঅ' এক্সেছ নেটৱৰ্ক)ৰ বাবে উপাদান বিকশিত কৰিব যাৰ ভিতৰত আছে আৰএএন ইন্টেলিজেন্ট কণ্ট্ৰোলাৰ (আৰআইচি), সেৱা ব্যৱস্থাপনা আৰু অৰ্কেষ্ট্ৰেচন (এছএমও) আৰু নেটৱৰ্ক ডাটা এনালিটিক্স ফাংচন (এনডব্লিউডিএএফ) মডিউল।

প্ৰকল্পটোৱে এনে সমাধান প্ৰদান কৰিব বুলি আশা কৰা হৈছে যিয়ে কাৰ্য্যকৰী জটিলতা হ্ৰাস কৰিব। মোবাইল নেটৱৰ্ক অপাৰেটৰ (এমএনঅ’)ৰ বাবে খৰচৰ কাৰ্যক্ষমতা উন্নত কৰিব আৰু টেলিকম খণ্ডত উদ্ভাৱনক সমৰ্থন কৰিব। ইয়াৰ লক্ষ্য হৈছে থলুৱা ৫-জি পৰিৱেশ তন্ত্ৰৰ উন্নয়নত অৰিহণা যোগোৱা আৰু ভৱিষ্যতৰ অগ্ৰগতিৰ ভেটি স্থাপন কৰা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande