-ইণ্ডাছফুড ২০২৫ ত খাদ্য আৰু পানীয়, কৃষি প্ৰযুক্তি আৰু উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছৱানে ২০২৫ চনৰ ৮ জানুৱাৰীত গৌতম বুদ্ধ নগৰ জিলাৰ গ্ৰেটাৰ নয়ডাত অৱস্থিত ইণ্ডিয়া এক্সপ’জিচন মাৰ্ট লিমিটেড (আই ই এম এল)ত ইণ্ডাছফুড ২০২৫ৰ অষ্টম সংস্কৰণ উদ্বোধন কৰিব।
খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এইবাৰ ৩০খনতকৈও অধিক দেশৰ ২৩০০ প্ৰদৰ্শকে ইণ্ডাছফুড ২০২৫ত অংশগ্ৰহণ কৰিব। এইবাৰ ১২০ হাজাৰ বৰ্গমিটাৰতকৈও অধিক প্ৰদৰ্শনী স্থান থাকিব। এইবাৰ সংহত বাণিজ্য মেলাত অংশগ্ৰহণ কৰিব ৭৫০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু ১৫,০০০ ভাৰতীয় ক্ৰেতা বা বাণিজ্যিক দৰ্শনাৰ্থী যিয়ে শ্ব’ৰ সময়ত উপস্থিত থকাৰ সম্ভাৱনা আছে।
ইণ্ডাছফুড হৈছে এছিয়াৰ আগশাৰীৰ বাৰ্ষিক এফ এণ্ড বি বাণিজ্য প্ৰদৰ্শনী, ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ সহযোগত ভাৰতীয় বাণিজ্য প্ৰসাৰ পৰিষদৰ উদ্যোগত। ২০২৫ চনত এই প্ৰদৰ্শনীয়ে আন এক মাইলৰ খুঁটি স্থাপন কৰিব। সংহত ফাৰ্ম-টু-ফৰ্ক ট্ৰেড শ্ব’ হিচাপে আত্মপ্ৰকাশ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া