নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। সোমবাৰে বিনিয়োগকাৰীৰ বাবে মুকলি কৰা হয় ষ্টেণ্ডাৰ্ড গ্লাছ লাইনিং টেকন’লজি লিমিটেডৰ প্ৰথমটো প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’)। কোম্পানীয়ে ইয়াৰ বাবে মূল্যৰ বেণ্ড ১৩৩-১৪০ টকা প্ৰতি শ্বেয়াৰত নিৰ্ধাৰণ কৰিছে। এই ইছ্যুৰ জৰিয়তে কোম্পানীটোৱে ৪১০.০৫ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে। ১৩ জানুৱাৰীত বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)ত তালিকাভুক্ত হ’ব কোম্পানীটোৰ শ্বেয়াৰ।
নতুন বছৰত আৰম্ভ হ’বলগীয়া এইটোৱেই হৈছে ষ্টেণ্ডাৰ্ড গ্লাছ লাইনিং টেকন’লজিৰ প্ৰথমটো আই পি অ’, য’ত বিনিয়োগকাৰীয়ে ২০২৫ চনৰ ৮ জানুৱাৰীলৈকে বিনিয়োগ কৰিব পাৰিব। অভিযান্ত্ৰিক সঁজুলি নিৰ্মাণ কোম্পানীটোৰ ১০ টকাৰ ফেচ ভেলু ইছ্যুত বিনিয়োগকাৰীয়ে নূন্যতম ১০৭টা ইকুইটি শ্বেয়াৰ আৰু তাৰ পিছত ১০৭টা ইকুইটি শ্বেয়াৰৰ বহুগুণত নিবিদা দিব পাৰিব। ২১০ কোটি টকাৰ ১.৫০ কোটি শ্বেয়াৰ আৰু ২০০.০৫ কোটি টকাৰ বিক্ৰীৰ বাবে ১.৪৩ কোটি শ্বেয়াৰৰ ফ্ৰেছ ইছ্যুৰ সংমিশ্ৰণ।
ইছ্যুৰ উপাৰ্জনৰ ১০ কোটি টকা যন্ত্ৰপাতি আৰু সঁজুলি ক্ৰয়ৰ বাবে, ১৩০ কোটি টকা কিছুমান বাকী থকা ঋণ পৰিশোধৰ বাবে আৰু ৩০ কোটি টকা ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডৰ বিনিয়োগৰ বাবে আৰু ২০ কোটি টকা সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।
মন কৰিবলগীয়া যে ষ্টেণ্ডাৰ্ড গ্লাছ লাইনিং টেকন’লজি লিমিটেড ভাৰতৰ ঔষধ আৰু ৰাসায়নিক খণ্ডৰ বাবে শীৰ্ষ ৫ টা বিশেষ অভিযান্ত্ৰিক সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম। এই কোম্পানীটোৰ সমগ্ৰ উৎপাদন প্ৰক্ৰিয়াটো ঘৰতে পৰিচালনা কৰাৰ ক্ষমতা আছে। কোম্পানীটোৰ হায়দৰাবাদ (তেলেংগানা)ত ৮টা মেনুফেকচাৰিং ইউনিট আছে। কোম্পানীটোৱে ঔষধ আৰু ৰাসায়নিক নিৰ্মাতাসকলৰ বাবে ডিজাইন, অভিযান্ত্ৰিক, উৎপাদন, সমাবেশ, সংস্থাপন আৰু মানক পৰিচালনা পদ্ধতিকে ধৰি টাৰ্ণকী সমাধান প্ৰদান কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া