ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে ৰূপৰ বাবে ‘হলমাৰ্কিং’ বাধ্যতামূলক কৰাৰ কথা বিবেচনা কৰা উচিত: প্ৰহ্লাদ যোশী
নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সোমবাৰে কয় যে গ্ৰাহকৰ দাবী অনুসৰি ৰূপ আৰু ৰূপৰ সামগ্ৰীৰ বাবে ‘হলমাৰ্কিং’ বাধ্যতামূলক কৰাৰ কথা ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে (বিআইএছ) বিবেচনা কৰিব লাগে
कार्यक्रम को संबोधित करते केंद्रीय मंत्री प्रहलाद जोशी


कार्यक्रम को संबोधित करते केंद्रीय मंत्री प्रहलाद जोशी


নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সোমবাৰে কয় যে গ্ৰাহকৰ দাবী অনুসৰি ৰূপ আৰু ৰূপৰ সামগ্ৰীৰ বাবে ‘হলমাৰ্কিং’ বাধ্যতামূলক কৰাৰ কথা ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে (বিআইএছ) বিবেচনা কৰিব লাগে।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাজধানী নতুন দিল্লীত আয়োজিত ৭৮ সংখ্যক বি আই এছ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত ভাষণ দি এইদৰে কয়। তেওঁ কয় যে গ্ৰাহকৰ পৰা ৰূপৰ ‘হলমাৰ্কিং’ৰ দাবী আছে। আপুনি (বিআইএছ) এই বিষয়ে আলোচনা কৰি সিদ্ধান্ত ল’ব পাৰে। তেওঁ কয় যে ৰূপৰ ‘হলমাৰ্কিং’ কৰিলে ভাৰতত বহুমূলীয়া ধাতুৰ গুণগত নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী হ’ব।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ মুখ্য কাৰ্যালয়ত “বিছ ষ্টুডিঅ’” মুকলি কৰে। এই পদক্ষেপে দেশৰ প্ৰতিজন গ্ৰাহকৰ গুণগত সচেতন মানসিকতাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যিয়ে গুণগত সচেতন জাতি গঢ়ি তোলাত সহায় কৰিব।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে কেৱল সোণৰ গহনা আৰু অন্যান্য সামগ্ৰীৰ বাবেহে ‘হলমাৰ্কিং’ বাধ্যতামূলক কৰিছে, যাৰ উদ্দেশ্য হৈছে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু সামগ্ৰীৰ প্ৰামাণ্যতা নিশ্চিত কৰা। বৰ্তমানৰ ‘হলমাৰ্কিং’ ব্যৱস্থাটো ছয় সংখ্যাৰ ‘আলফানিউমেৰিক ক’ড’ৰে গঠিত, যিয়ে সোণৰ বিশুদ্ধতা প্ৰমাণ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande