নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি একেৰাহে তৃতীয় দিনৰ বাবে অধিক ব্যয়বহুল হৈ পৰিছে সোণ। সোণৰ দৰে আজিও বাঢ়িছে ৰূপৰ দাম। আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৮০০ টকাৰ পৰা ৮৭০ টকালৈ বৃদ্ধি পাইছে। সোণৰ মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,৩৫০ টকাৰ পৰা ৭৯,২০০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৫০ টকাৰ পৰা ৭২,৬০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। আজিও প্ৰতি কেজি ৰূপৰ মূল্য ২০০০ টকা বৃদ্ধি পাইছে, যাৰ বাবে দিল্লীৰ বুলিয়নৰ বজাৰত ইয়াৰ মূল্য প্ৰতি কেজিত ৯২,৫০০ টকাৰ স্তৰত উপনীত হৈছে।
দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৯,৩৫০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ৭২,৭৫০ টকা প্ৰতি ১০ গ্ৰামত। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,২০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৬০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,২৫০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৬৫০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,২০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৬০০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,২০০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৬০০ টকা।
আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৩৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৫০ টকাৰ স্তৰত বিক্ৰী হৈছে। আনহাতে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,২৫০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৬৫০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৩৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৫০ টকাত বিক্ৰী হৈছে।
দেশৰ অন্যান্য ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৭৯,২০০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত আজি ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত মূল্য় ৭২,৬০০ টকা হৈছেগৈ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া