নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। নতুন বছৰত আজি একেৰাহে দ্বিতীয় দিনৰ বাবে ঘৰুৱা বুলিয়নৰ বজাৰত ব্যয়বহুল হৈ পৰিছে সোণ। কিন্তু আজিও ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩০০ টকাৰ পৰা ৩৩০ টকালৈ বৃদ্ধি পাইছে। সোণৰ মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৮,৪৮০ টকাৰ পৰা ৭৮,৩৩০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৯৫০ টকাৰ পৰা ৭১,৮০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে একেৰাহে দ্বিতীয় দিন দিল্লীৰ অলংকাৰ বজাৰত ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ৯০,৫০০টকা হৈ আছে।
দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৮,৪৮০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৯৫০ টকা । আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৮,৩৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৮০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭৮,৩৮০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৮৫০ টকা। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৮,৩৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৮০০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৮,৩৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৮০০ টকা।
আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৮,৪৮০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭১,৯৫০ টকাৰ স্তৰত বিক্ৰী হৈছে। আনহাতে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৮,৩৮০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৮৫০ টকা। একেদৰে জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৮,৪৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৯৫০ টকাত বিক্ৰী হৈছে।
দেশৰ অন্যান্য ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৭৮,৩৩০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৮০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া