'ধূম' ছিৰিজ বলীউডৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজি। এতিয়ালৈকে ছবিখনৰ তিনিটা অংশ মুক্তি পাইছে। এতিয়া সকলোৱে ছবিখনৰ চতুৰ্থ খণ্ডৰ বাবে অপেক্ষা কৰি আছে। জন আব্ৰাহাম, হৃতিক ৰোশন আৰু আমিৰ খানে ধূমত কাম কৰি আহিছে। এতিয়া ‘ধূম ৪’ত অভিনয় কৰিছে ৰণবীৰ কাপুৰে।
ধূমৰ প্ৰতিটো অংশতে খলনায়কৰ চৰিত্ৰত বিভিন্ন অভিনেতাই অভিনয় কৰিছে, গতিকে এতিয়া ‘ধূম ৪’তো দেখা যাব বেলেগ অভিনেতা। ইয়াৰ পূৰ্বে শ্বাহৰুখ খানৰ নামক লৈ চৰ্চিত হৈছিল। এতিয়া চৰ্চা চলিছে যে অভিনেতা ৰণবীৰ কাপুৰে ‘ধূম ৪’ত শক্তিশালী প্ৰৱেশ কৰিব। ছবিখনৰ শ্বুটিং সন্দৰ্ভতো কিছু আপডেট ওলাইছে। অহা বছৰৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হ’ব ‘ধূম ৪’ৰ শ্বুটিং। ইতিমধ্যে ছবিখনৰ কাহিনীৰ কাম আৰম্ভ হৈছে আৰু ৰণবীৰৰ লগতে মুখ্য চৰিত্ৰত দুগৰাকী অভিনেত্ৰীকো দেখা পোৱা যায়। আদিত্য চোপ্ৰাৰ ‘ধূম’ৰ চতুৰ্থ খণ্ডটো অতি বিশেষ হ’বলৈ গৈ আছে। অতি সোনকালে ছবিখনৰ সামগ্ৰিক কাষ্টিং আৰম্ভ হ’ব।
এনিমেলৰ পিছত ৰণবীৰৰ ভাগ্য সলনি হৈছে। তেওঁৰ ‘এনিমেল’, ‘লাভ এণ্ড ৱাৰ’ আৰু ‘ৰামায়ণ’ৰ আৰু দুখন ছিকুৱেল ডাঙৰ প্ৰজেক্ট হিচাপে শাৰী পাতিছে। তদুপৰি এতিয়া তেওঁ ‘ধূম’ ফ্ৰেঞ্চাইজিত প্ৰৱেশ কৰাৰ লগে লগে অনুৰাগীসকল অত্যন্ত উৎসাহিত হৈ পৰিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী