প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাৰ কন্যা মাছাবা গুপ্তাই তিনিমাহ পূৰ্বে মাতৃত্ব লাভ কৰিছিল। বিখ্যাত ফেশ্বন ডিজাইনাৰ তথা অভিনেত্ৰী মাছাবাই কন্যাৰ নাম ঘোষণা কৰিছে। জীয়েকৰ সৈতে ফটো এখন পোষ্ট কৰি নাম আৰু তাৰ অৰ্থ ক’লে।
২০২৪ চনৰ ১১ অক্টোবৰত মাছাবা গুপ্তা আৰু তেওঁৰ স্বামী অভিনেতা সত্যদীপ মিশ্ৰৰ পিতৃ-মাতৃ হয়। মাছাবা আৰু সত্যদীপে এই খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। লগতে মাছাবাৰ মাতৃ নীনা গুপ্তাইও আইতাক হোৱাৰ পিছত নাতিৰ সৈতে এখন মৰমলগা ফটো পোষ্ট কৰিছে। মাছাবাই তিনি মাহ বয়সত নাম লিখা ব্ৰেচলেট পিন্ধি থকা কন্যাৰ ফটো পোষ্ট কৰে। পোষ্ট কৰা ফটোখনত তেওঁৰ কন্যাৰ হাতত দেখা গৈছে ‘মাতাৰা’ নামৰ ব্ৰেচলেট। মাছাবাই এই পোষ্টটোত মাতৰা নামটোৰ অৰ্থও বুজাই দিছে। মাছাবাই কেপচনত লিখিছে, নামটোৱে ন গৰাকী হিন্দু দেৱীৰ ঐশ্বৰিক নাৰী শক্তিৰ প্ৰতীক আৰু তেওঁলোকৰ শক্তি আৰু প্ৰজ্ঞাক প্ৰতিনিধিত্ব কৰে।
কিছুদিন ইজনে সিজনৰ লগত ডেটিং কৰি দুবছৰ পূৰ্বে অতি সহজ-সৰল অনুষ্ঠানত মাছাবা আৰু সত্যদীপৰ বিয়া হৈছিল। তেওঁৰ বিয়াত তেওঁৰ পৰিয়ালৰ লোক উপস্থিত থাকে। মাছাবাৰ পিতৃ ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছেও এই বিয়াত অংশ লৈছিল। মাছাবৰ প্ৰথম বিবাহ মধু মন্তেনাৰ সৈতে, আনহাতে সত্যদীপ মিশ্ৰৰ বিবাহ অদিতি ৰাও হায়দাৰীৰ সৈতে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী