ইম্ফল, ০৯ ছেপ্টেম্বৰ (হি.স.)। মণিপুৰত পৰিস্থিতিৰ উন্নতি হোৱা নাই। সোমবাৰে ৰাজভৱন আৰু ৰাজধানী ইম্ফলত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰিও থৌবালত ছাত্ৰ-ছাত্ৰীসকলে জিলা উপাযুক্তৰ কাৰ্যালয়ৰ ওপৰলৈ উঠি কাৰ্যালয়ৰ ওপৰৰ পৰা ৰাষ্ট্ৰীয় পতাকা নমাই স্থানীয় পতাকা উত্তোলন কৰে। সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ সন্মুখত নিৰাপত্তা বাহিনীয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হয়। বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ইম্ফলৰ ৰাজপথলৈ ওলাই আহি ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাপনাত পৰিৱৰ্তনৰ দাবী জনায়। বৰ্তমানৰ নিৰাপত্তা উপদেষ্টাগৰাকীক মণিপুৰৰ পৰা স্থানান্তৰিত কৰি যৌথ কমাণ্ডৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰিবলৈ দাবী জনাইছিল এইসকল ছাত্ৰ-ছাত্ৰীয়ে। ৰাজভৱনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে কয় যে নিৰাপত্তা উপদেষ্টাগৰাকীয়ে মণিপুৰবাসীক নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেইবাবেই স্থানীয় নিৰ্বাচিত চৰকাৰক বৰ্তমানৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া উচিত। পিছত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ছাত্ৰ প্ৰতিনিধি দলটোক ফোন কৰি কথা পাতিছিল। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আশ্বাস দিয়ে যে চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
তেওঁ কয় যে মণিপুৰত স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে জিলা উপাযুক্তৰ কাৰ্যালয়ৰ চাদত উঠি কাৰ্যালয়ৰ ওপৰৰ পৰা ৰাষ্ট্ৰীয় পতাকা নমাই তাৰ ঠাইত স্থানীয় পতাকা উত্তোলন কৰে। সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ সন্মুখত নিৰাপত্তা বাহিনীয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হৈছিল আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া