জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে ‘তালাছ’ পদক্ষেপ আৰম্ভ
নতুন দিল্লী, ১০ জুলাই (হি.স.)। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা ৰাষ্ট্ৰীয় জনজাতি ছাত্ৰ শিক্ষা সমিতিয়ে ইউনিচেফ ইণ্ডিয়াৰ সহযোগত ‘তালাছ’ (ট্ৰাইবেল এটিটিউড, লাইফ স্কিল্চ এণ্ড চেল্ফ এষ্টিম হাব) নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক পদক্ষ
জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে ‘তালাছ’ পদক্ষেপ আৰম্ভ


নতুন দিল্লী, ১০ জুলাই (হি.স.)। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা ৰাষ্ট্ৰীয় জনজাতি ছাত্ৰ শিক্ষা সমিতিয়ে ইউনিচেফ ইণ্ডিয়াৰ সহযোগত ‘তালাছ’ (ট্ৰাইবেল এটিটিউড, লাইফ স্কিল্চ এণ্ড চেল্ফ এষ্টিম হাব) নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক পদক্ষেপ আৰম্ভ কৰিছে। ইয়াৰ লক্ষ্য হৈছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ই এম আৰ এছ)ৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক আৰু ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত শক্তিশালী কৰা। এই কাৰ্যসূচীয়ে সমগ্ৰ দেশৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত ১.৩৮ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব।

জনজাতি মন্ত্ৰালয়ৰ তথ্য অনুসৰি জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে সৃষ্টি কৰা এইটোৱেই হৈছে দেশৰ ভিতৰতে প্ৰথম এনে ডিজিটেল পদক্ষেপ। ‘তালাছ’ ছাত্ৰ-ছাত্ৰীৰ আত্মসচেতনতা বৃদ্ধি, জীৱন দক্ষতা বিকাশ আৰু কেৰিয়াৰ গাইডেন্স প্ৰদানৰ বাবে ৰচনা কৰা হৈছে। এনচিইআৰটিৰ ‘তামান্না’ পদক্ষেপৰ পৰা অনুপ্ৰাণিত হৈ এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আগ্ৰহ আৰু ক্ষমতাৰ ওপৰত ভিত্তি কৰি কেৰিয়াৰ কাৰ্ড প্ৰদান কৰে, যাতে তেওঁলোকে নিজৰ বাবে উপযুক্ত কেৰিয়াৰ বিকল্প বাছি ল’ব পাৰে। ইয়াত শিক্ষকসকলৰ বাবে বিশেষ প্ৰশিক্ষণ মডিউলও অন্তৰ্ভুক্ত কৰা হৈছে যাতে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক ফলপ্ৰসূভাৱে পথ প্ৰদৰ্শন কৰিব পাৰে। এই পৰ্যন্ত ৭৫ খন ই এম আৰ এছৰ পৰা ১৮৯ গৰাকী শিক্ষকে প্ৰশিক্ষণ লাভ কৰি নিজ নিজ বিদ্যালয়ত এই কাৰ্যসূচী চলাই আছে।

এনইএছটিএছৰ আয়ুক্ত অজিত কুমাৰ শ্ৰীবাস্তৱে কয় যে তালাছ আমাৰ সংকল্পৰ সাক্ষ্য যে আমি জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰাৰ সুযোগ দিব বিচাৰো। এই পদক্ষেপে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি সৰ্বাংগীন, সমতাপূৰ্ণ আৰু সামগ্ৰিক শিক্ষাক প্ৰসাৰিত কৰে।

তালাছক পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হৈছে যাতে ইয়াৰ প্ৰসাৰ ফলপ্ৰসূ আৰু মসৃণ হয়। ২০২৫ চনৰ শেষৰ ফালে ই সকলো ই এম আৰ এছত সক্ৰিয় হ’ব, সমগ্ৰ দেশৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক আত্মবিশ্বাস, ক্ষমতা আৰু জীৱন দক্ষতাৰে সৱলীকৰণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande