- ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ
গুৰুগ্ৰাম, ১০ জুলাই (হি.স.)। ৰিল বনোৱাৰ বাবে ক্ষুব্ধ পিতৃয়ে বৃহস্পতিবাৰে নিজৰ ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ কন্যাক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পিতৃক। ৰাধিকাৰ ৰিল বনোৱাত বৰ চখ আছিল। পিছে তাইৰ দেউতাকে এয়া ভাল পোৱা নাছিল।
তথ্য অনুসৰি ২৫ বছৰীয়া ৰাধিকা যাদৱে পৰিয়ালৰ সৈতে ছেক্টৰ-৫৭ৰ সুশান্ত লোকত বাস কৰিছিল। ৰাধিকাই ইনষ্টাগ্ৰামত ৰিল বনাই ভাল পাইছিল। তাইৰ ৰিল বনোৱাৰ অভ্যাস তাইৰ দেউতাকে পছণ্ড কৰা নাছিল। এই বিষয়টোক লৈ ঘৰত পিতৃ-কন্যাৰ মাজত প্ৰায়েই কাজিয়া হৈছিল। বৃহস্পতিবাৰে বিয়লিও দুয়োৰে মাজত কিবা এটা লৈ বিবাদ হৈছিল। ইফালে দেউতাকে নিজৰ ৰিভলভাৰৰ পৰা পাঁচ ৰাউণ্ড গুলিয়াই হত্যা কৰে কন্যা ৰাধিকাক। ৰাধিকাৰ শৰীৰত তিনিটা গুলীৰ আঘাত লাগে। গুলী লগাৰ লগে লগে ৰাধিকা যন্ত্ৰণাত ছটফটাই মাটিত পৰি গ’ল। ইফালে দেউতাকে তেজেৰে লুতুৰি পুতুৰি হৈ থকা জীয়েকৰ কাষতে বহি পৰে। গুলীৰ শব্দ শুনি চুবুৰীৰ মানুহ নিজৰ ঘৰ পালেহি। মানুহে নিজেই ৰাধিকাক চিকিৎসালয়লৈ লৈ গ’ল। চিকিৎসালয়ত চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে। ইফালে হত্যাকাণ্ডৰ তথ্য লাভ কৰি আৰক্ষীয়েও আহি উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো চিকিৎসালয়ৰ পৰা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষা গৃহলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ পৰা ৰিভলভাৰটোও জব্দ কৰে, যিটোৰে অভিযুক্তই নিজৰ কন্যাৰ ওপৰত গুলীচালনা কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। তেওঁক সোধা-পোছা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া