কাঠমাণ্ডু, ০৫ ছেপ্টেম্বৰ (হি.স.)। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব পাৰে। অলিয়ে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বৈঠকৰ সময়তে সাক্ষাৎ কৰিবলৈ ইচ্ছা ব্যক্ত কৰিছে।
বিদেশ মন্ত্ৰী ৰাণাই সংসদৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সমিতিৰ সন্মুখত কয় যে ইয়াৰ বাবে কাঠমাণ্ডুৰ পৰা দিল্লীলৈকে প্ৰচেষ্টা চলোৱা হৈছে। দিল্লীত থকা নেপালী দূতাবাসৰ বিষয়াসকলেও ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াৰ সৈতে অহৰহ যোগাযোগত আছে। শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ বিষয়েও ড০ ৰাণাই আনুষ্ঠানিক তথ্য প্ৰদান কৰিছে। তেওঁ কয় যে পঞ্চেশ্বৰ প্ৰকল্প আৰু নতুন বিমান পথৰ ব্যৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে আলোচনা কৰা হয়। লগতে নেপাল ভ্ৰমণলৈও তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল।
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া