দৰং, ০৫ ছেপ্টেম্বৰ (হি.স.)। দৰং জিলাৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা । পাষান পুত্ৰৰ প্ৰহাৰত মৃত্যুমুখত পৰে মাতৃ।
খাৰুপেটীয়াৰ টিলাপট্টিত কালি নিশা সংঘটিত হয় জঘন্য হত্যাকাণ্ড ।
প্ৰাপ্ত তথ্য়মতে, লোহাৰ ৰডেৰে পুত্ৰ গণেশ দাসে কোবাই হত্যা কৰে ৫০ উৰ্ধৰ মাতৃ অৰুনা দাসক । প্ৰায়েই মাতৃক প্ৰহাৰ কৰিছিল পুত্ৰ গণেশ দাসে । ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ আটক কৰে হত্যাকাৰী পুত্ৰ গণেশ দাসক । ঘটনাটোক লৈ খাৰুপেটীয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা