
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। বিজেপি দলৰ বৰ্ষীয়ান নেতা তথা অসম বিজেপিৰ পিতামহস্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থ আৰু নাই।
আজি বিয়লি প্ৰায় ৫-০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে। চিকিৎসাধীন অৱস্থাত শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে। ৯৫ বছৰত শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ প্ৰবীণ নেতাগৰাকীয়ে। ‘এক্স’যোগে এই খবৰ নিশ্চিত কৰিছে সাংসদ প্ৰদান বৰুৱা আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল তেওঁ। ৰাজনীতিত ভৰি থোৱাৰ আগেয়ে তেখেত আছিল এগৰাকী শিক্ষক। পুৰকায়স্থৰ বিয়োগত মৰ্মাহত হৈ পৰিছে বিজেপি দলৰ লগতে বিভিন্ন মহল। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক নেতা- কৰ্মীৰ উপৰি শুভাকাংশীসকলে ভিৰ কৰিছে শিলচৰ মেডিকেল কলেজত। বিজেপিৰ বটবৃক্ষ স্বৰূপ নেতাগৰাকীৰ দেহাৱসানৰ বাতৰি পোৱাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যিক বিজেপি নেতা কৰ্মীসকলে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পুৰকায়স্থৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে আমাৰ সকলোৰে মাৰ্গ দৰ্শক শ্ৰদ্ধেয় কবীন্দ্ৰ পুৰকায়স্থদেৱৰ আজি পৰলোক গমণে আমাৰ প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক মৰ্মাহত কৰি তুলিছে।
কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৮ জানুৱাৰী তাৰিখৰ বিজেপি দলৰ সকলো দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলীয় কাৰ্যালয়ত দলীয় পতাকা অৰ্দ্ধনমিত কৰি ৰাখিবলৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সকলোকে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী