তেজপুৰত আৰক্ষীৰ জালত পৰিল অনলাইন ট্ৰেডিঙৰে তিনিশ কোটিৰো অধিক ধন আত্মসাত কৰাৰ অভিযুক্ত হেমেন ৰাভা
শোণিতপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। অনলাইন ট্ৰেডিঙৰ ঘটনাই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে আজি বুধবাৰে পুৱাই তেজপুৰ আৰক্ষীৰ জালত পৰে তিনিশ কোটিৰো অধিক ধন আত্মসাত কৰা বুলি অভিযোগ উঠা আন এজন তথাকথিত অনলাইন ট্ৰেডাৰ ৷ যোৱা প্ৰায় ছমাহে অনলাইন ট্ৰেডিঙৰে ভালেসংখ্য
তেজপুৰত আৰক্ষীৰ জালত  হেমেন ৰাভাঃ


শোণিতপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। অনলাইন ট্ৰেডিঙৰ ঘটনাই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে আজি বুধবাৰে পুৱাই তেজপুৰ আৰক্ষীৰ জালত পৰে তিনিশ কোটিৰো অধিক ধন আত্মসাত কৰা বুলি অভিযোগ উঠা আন এজন তথাকথিত অনলাইন ট্ৰেডাৰ ৷ যোৱা প্ৰায় ছমাহে অনলাইন ট্ৰেডিঙৰে ভালেসংখ্যক লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা তথা তেজপুৰ বান্দৰমাৰীৰ যুৱক হেমেন ৰাভা সম্প্ৰতি তেজপুৰ আৰক্ষীৰ জালত পৰিছে ৷

উল্লেখযোগ্য যে, ইতিপূৰ্বে হেমেনৰ বিৰুদ্ধে একাংশ ভুক্তভোগীয়ে তেজপুৰ কছাৰীগাঁও আৰক্ষী চকীত দাখিল কৰিছিল কেবাখনো এজাহাৰ ৷ দীঘলীয়া সময় ধন খটোৱা সকলে বিচাৰি পোৱা নাছিল অভিযুক্ত হেমেনক ৷ মুঢ়াতেতেলী অঞ্চলত কাৰ্যালয় খুলি ইয়াত কৰ্মচাৰী নিয়োগ কৰি কোনোবা জনৰ পৰা দুইলাখ,কোনোবা জনৰ পৰা দহলাখ পৰ্যন্ত টকা সংগ্ৰহ কৰি এমাহৰ ভিতৰত ছয়ৰ পৰা দহ শতাংশ লাভ আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল হেমেনে ৷ কিন্তু ধন আদায়ত খেলিমেলি হোৱাৰ লগতে কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ট্ৰেডিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতেই কালি একাংশ গ্ৰাহকে হেমেনক কাৰ্যালয়ত লগ ধৰি তেওঁলোকৰ ধন ঘূৰাই বিচাৰে ৷

উল্লেখ্য,তেজপুৰতে প্ৰায় ডেৰশ কোটিৰ উপৰি ৰাজ্যজুৰি তিনিশকোটিৰ অধিক ধন সংগ্ৰহৰ অভিযোগ উঠিছে হেমেনৰ বিৰুদ্ধে ৷ কালি মুখ্যমন্ত্ৰীয়ে অনলাইন-ট্ৰেডিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ সময়তে গিনি কেপিটেল নামৰ হেমেনৰ কোম্পানীটোৰ দুই কৰ্মচাৰী দীনোৎপল বৰা আৰু নেৰ্ছন নাৰ্জাৰীৰ সহযোগত অসীম শইকীয়া নামৰ আন এজন ভুক্তভোগী গ্ৰাহকে তেজপুৰ মুঢ়াতেতেলীত থকা অনলাইন ট্ৰেডিং প্ৰতিষ্ঠান “গিনি কেপিটেল”ত হেমেন ৰাভাক লগ ধৰে ৷ দুই কৰ্মচাৰীৰ পৰাও ধন লৈছিল হেমেন ৰাভাই ৷ তেনেস্থলত তেওঁলোকেও প্ৰাপ্য ধন উভটাই বিচৰাত পলায়নৰ সুযোগ বিচাৰি থকা হেমেনে ভুক্তভোগী যুৱক তিনিজনৰ লগতে একেলগে আহাৰ গ্ৰহণ কৰি একেখন হোটেলতে নিশা কটায় ৷ কিন্তু তাৰ পিছত পিছত অতি কৌশলেৰে বিনিয়োগ কৰা ধন বিচৰা যুৱককে অপহৰণৰ অভিযোগ তুলি আৰক্ষীক গোচৰ দিয়ে ৷ আৰক্ষীয়ে পুৱা হোটেলখনত অভিযান চলাই হেমেন ৰাভাসহ আটাইকেইজন যুৱকক আটক কৰি তেজপুৰ সদৰ থানালৈ লৈ আহে ৷ কিন্তু আৰক্ষী থানাত সকলো নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত ওলাই পৰে জোলোঙাৰ মেকুৰী ৷ আৰক্ষীয়ে তিনিওজন যুৱকক মুকলি কৰি দিয়াৰ বিপৰীতে হেমেনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি তেজপুৰ সদৰ আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande