১৫ নৱেম্বৰত মুক্তি পাব বিক্ৰান্ত মেছিৰ ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’
২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰা ৰেলৱে ষ্টেচনৰ সমীপত সাবৰমতী এক্সপ্ৰেছত সংঘটিত হোৱা ঘটনাৰ আভাস দিয়া হৈছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ৰ শক্তিশালী টিজাৰত। এই ছবিখন ‘দ্বাদশ ফেইল’ৰ পিছত বিক্ৰান্ত মেছিৰ প্ৰথমখন থিয়েটাৰ আউটিং। দ্বাদশ ফেইল যেনেকৈ বাস্তৱ কাহিনীৰ ওপৰ
বিক্ৰান্ত মেছি


২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰা ৰেলৱে ষ্টেচনৰ সমীপত সাবৰমতী এক্সপ্ৰেছত সংঘটিত হোৱা ঘটনাৰ আভাস দিয়া হৈছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ৰ শক্তিশালী টিজাৰত। এই ছবিখন ‘দ্বাদশ ফেইল’ৰ পিছত বিক্ৰান্ত মেছিৰ প্ৰথমখন থিয়েটাৰ আউটিং। দ্বাদশ ফেইল যেনেকৈ বাস্তৱ কাহিনীৰ ওপৰত আধাৰিত আছিল, তেনেকৈয়ে দ্য সাবৰমতী ৰিপ’ৰ্টও সঁচা পৰিঘটনাৰ পৰা অনুপ্ৰাণিত। ছবিখনৰ প্ৰতি ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাসকলে।

১৫ নৱেম্বৰত মুক্তি পাব এই ছবিখন। বিক্ৰান্ত মেছি, ৰাছি খান্না আৰু ৰিদ্ধি ডোগ্ৰা অভিনীত ছবি দ্য সাবৰমতী ৰিপৰ্টৰ মুক্তিৰ তাৰিখ ঘোষণা। এই ছবিখনে সাবৰমতী এক্সপ্ৰেছ দুৰ্ঘটনা সম্পৰ্কে ২২ বছৰ ধৰি লুকাই থকা তথ্যসমূহ উন্মোচন কৰিব, সেয়েহে ই বহু নতুন আলোচনাৰ জন্ম দিছে। ছবিখনত বাস্তৱ ঘটনাক কেনেদৰে চিত্ৰিত কৰা হ’ব সেয়া চাবলৈ মানুহে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এতিয়া মুক্তিৰ তাৰিখ ঘোষণাৰ লগে লগে উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে।

বালাজী মোচন পিকচাৰ্ছ আৰু বিকিৰ ফিল্মছ প্ৰডাকচনৰ দ্বাৰা উপস্থাপিত ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছি, ৰাছি খান্না আৰু ৰিদ্ধি ডোগ্ৰাই। ধীৰাজ সৰ্ণাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক শ্বোভা কাপুৰ, একতা আৰ কাপুৰ, অমুল ভি মোহন আৰু অংশুল মোহনে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande