ঐশ্বৰ্য ৰায় বচ্চনৰ কন্যা আৰাধ্যাই দক্ষিণৰ ছুপাৰষ্টাৰ শিৱ ৰাজকুমাৰৰ ভৰি চুই ল'লে আশীৰ্বাদ
ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে কন্যা আৰাধ্যাই ডুবাইত অনুষ্ঠিত ছিমা ২০২৪ বঁটা প্ৰদান অনুষ্ঠানতো অংশ লয়। ঐশ্বৰ্যই পিন্ধিছিল ক’লা আৰু সোণালী ৰঙৰ গাউন। ৰূপালী আৰু ক’লা ৰঙৰ জিলিকি থকা সাজ-পোছাকত দেখা গৈছিল আৰাধ্যাক। এই ভিডিঅ'টোত ঐশ্বৰ্য ৰায় বচ্চনে বঁটা লাভ
ঐশ্বৰ্য ৰায় বচ্চন


ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে কন্যা আৰাধ্যাই ডুবাইত অনুষ্ঠিত ছিমা ২০২৪ বঁটা প্ৰদান অনুষ্ঠানতো অংশ লয়। ঐশ্বৰ্যই পিন্ধিছিল ক’লা আৰু সোণালী ৰঙৰ গাউন। ৰূপালী আৰু ক’লা ৰঙৰ জিলিকি থকা সাজ-পোছাকত দেখা গৈছিল আৰাধ্যাক। এই ভিডিঅ'টোত ঐশ্বৰ্য ৰায় বচ্চনে বঁটা লাভ কৰাৰ পিছত বিক্ৰমৰ হাতত ধৰি মঞ্চৰ পৰা নামি অহা দেখা গৈছে। মঞ্চৰ পৰা নামি অহাৰ লগে লগে আৰাধ্যাই দৌৰি গৈ ঐশ্বৰ্যক সাৱটি ধৰে আৰু দুয়োকে গুচি যোৱা দেখা যায়। ইফালে শিৱ ৰাজকুমাৰৰ আগমন হোৱাত ঐশ্বৰ্যেও শিৱক লগ কৰিবলৈ পিছলৈ ঘূৰি অহা দেখা যায়। এই সময়ত ঐশ্বৰ্যই নিজৰ মৰমৰ কন্যাক শিৱৰ লগত চিনাকি কৰাই দিয়ে। তেতিয়া শিৱই আৰাধ্যাৰ লগত হাত মিলাবলৈ হাত আগবঢ়ায়, কিন্তু আৰাধ্যাই শিৱৰ ভৰি চুই আশীৰ্বাদ লয়। এই দেখি শিৱেও তেওঁক আশীৰ্বাদ দিয়ে। এই মুহূৰ্তত সকলোতে চৰ্চা চলি আছে আৰাধ্যাৰ এই কাৰ্য্য।

এই ভিডিঅ'টো চোৱাৰ পিছত নেটিজেনে আৰাধ্যাক প্ৰশংসা কৰিছে। এজন নেটিজেনে লিখিছে, ঐশ্বৰ্যৰ কন্যাও তেওঁৰ দৰেই সংস্কৃতিৱান হোৱাটো দেখি মই সুখী। আন এজন নেটিজেনে লিখিছে, এই মূল্যবোধবোৰ বচ্চন পৰিয়ালৰ পৰা আহিছে।

ঐশ্বৰ্য ৰায় বচ্চনে ‘পনিয়িন চেলভান: ২’ ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। ঐশ্বৰ্যক নন্দিনী আৰু মন্দাকিনী দেৱীৰ দুটা চৰিত্ৰত দেখা গৈছে। এখন তামিল উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখন। ঐশ্বৰ্যৰ উপৰিও কাৰ্তি, জয়ম ৰবি, তৃষা, জয়ৰাম, প্ৰভু, আৰ সাৰথকুমাৰ, শোভিতা ধূলিপালা, ঐশ্বৰ্য লক্ষ্মী, বিক্ৰম প্ৰভু, প্ৰকাশ ৰাজ, ৰহমান আৰু আৰ পাৰ্থিৱনেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande