নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশীয়ভাৱে উৎপাদিত খাৰুৱা তেলৰ উইণ্ডফল টেক্স শূন্যলৈ হ্ৰাস কৰিছে। ইয়াৰ উপৰিও পেট্ৰ’ল আৰু বিমান ইন্ধন (এটিএফ) ৰপ্তানিৰ ওপৰত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক শূন্যত অপৰিৱৰ্তি ৰখা হৈছে। বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
চৰকাৰী অধিসূচনা অনুসৰি ঘৰুৱা খাৰুৱা তেলৰ উইণ্ডফল টেক্স ১৮৫০ টকাৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ লগতে পেট্ৰ’ল আৰু বিমান টাৰ্বাইন ইন্ধন (এটিএফ) ৰপ্তানিৰ ওপৰত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক শূন্যত ৰখা হৈছে। ইয়াৰ পূৰ্বে ৩১ আগষ্টত ঘৰুৱাভাৱে উৎপাদিত খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি টনত ২১০০ টকাৰ পৰা ১৮৫০ টকালৈ হ্ৰাস কৰা হৈছিল। উল্লেখযোগ্য যে দুসপ্তাহৰ ভিতৰত তেলৰ গড় মূল্যৰ ওপৰত ভিত্তি কৰি প্ৰতি পষেকতে উইণ্ডফল টেক্সৰ বিষয়ে অৱগত কৰা হয়। ২০২২ চনৰ ১ জুলাইত দেশত প্ৰথমবাৰৰ বাবে আৰোপ কৰা হৈছিল উইণ্ডফল টেক্স। ইয়াৰ লগে লগে ভাৰতে শক্তি কোম্পানীসমূহৰ উইণ্ডফল লাভৰ ওপৰত কৰ আৰোপ কৰা দেশসমূহৰ তালিকাত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া