অনন্ত আম্বানীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ চেলিব্ৰিটিয়ে টকা পাইছিল নেকি? অনন্যা পাণ্ডেয়ে ক'লে সঁচা কথা
ভাৰতৰ বৃহত্তম ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে যোৱা ১২ জুলাইত ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বলীউডৰ পৰা হলিউডলৈকে চেলিব্ৰিটিসকলে এই ৰাজকীয় বিয়াত অংশ লৈছিল। ইফালে, আম্বানীৰ বিয়াত উপস্থিত থাকিবলৈ হাই-প্ৰফাইল চেলিব্
অনন্যা


ভাৰতৰ বৃহত্তম ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে যোৱা ১২ জুলাইত ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বলীউডৰ পৰা হলিউডলৈকে চেলিব্ৰিটিসকলে এই ৰাজকীয় বিয়াত অংশ লৈছিল। ইফালে, আম্বানীৰ বিয়াত উপস্থিত থাকিবলৈ হাই-প্ৰফাইল চেলিব্ৰিটিক ধন দিয়া বুলি চৰ্চা চলিছে। এতিয়া এই বিষয়ত মৌনতা ভংগ কৰিছে এগৰাকী অভিনেত্ৰী অনন্যা পাণ্ডেয়ে।

এক সাক্ষাৎকাৰৰ সময়ত অনন্যা পাণ্ডেয়ে বিবাহত অনন্তৰ সৈতে জোৰদাৰ নৃত্য কৰা সন্দৰ্ভত সোধা হৈছিল। অনন্যাই উত্তৰ দিলে, ‘তেওঁ মোৰ বন্ধু। মানুহে কিয় এনেকৈ ভাবে বুজি নাপাওঁ। অৱশ্যে মই মোৰ বন্ধুসকলৰ বিয়াত মই আপোনভোলা হৈ নাচিম। মৰম উপচাই মই ভাল পাওঁ।

শেহতীয়াকৈ ‘কল মি বে’ নামৰ ৱেব ছিৰিজত দেখা গৈছিল অনন্যা পাণ্ডেক। কৰণ জোহৰৰ প্ৰডাকচন হাউছৰ বেনাৰত নিৰ্মিত এই ধাৰাবাহিকখনৰ প্ৰিমিয়াৰ হৈছিল প্ৰাইম ভিডিঅ’ত।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande