লংকাথ বিদ্যালয়লৈ যোৱাৰ পথত চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকক আক্ৰমণ
হোজাই, ০১ আগষ্ট (হি.স.)। লংকাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । বিদ্যালয়লৈ যোৱাৰ পথত চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকক আক্ৰমণকৰা হৈছে। ১১২৮ নং লস্কৰপথাৰ মুক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে নগদ
লংকাথ বিদ্যালয়লৈ যোৱাৰ পথত চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকক আক্ৰমণ


হোজাই, ০১ আগষ্ট (হি.স.)। লংকাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । বিদ্যালয়লৈ যোৱাৰ পথত চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকক আক্ৰমণকৰা হৈছে।

১১২৮ নং লস্কৰপথাৰ মুক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে নগদ ২৫ হেজাৰকৈ টকা ।

পশ্চিম ডাবলঙৰ স্বৰিফ উদ্দীন নামৰ এজনৰ বিৰুদ্ধে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে।

আঘাতপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে ইতিমধ্যে লংকা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

হিন্দুস্থান সমাচাৰ

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা / মনোজ কুমাৰ শইকীয়া


 rajesh pande