
তামুলপুৰ, ০৩ মাৰ্চ (হি.স.)। তামুলপুৰৰ ১ নং কাউলীত বন্যহস্তীৰ আক্ৰমণত নিহত বিশেষ ভাৱে সক্ষম এগৰাকী ব্যক্তি। নিশা খাদ্যৰ সন্ধানত অহা বন্যহস্তীটো আজি দিনৰ ভাগত অঞ্চলটোৰ এখন হাবিত আশ্ৰয় লোৱাৰ সময়ত সংঘটিত হয় উক্ত ঘটনাটো। নিহত লোক জনৰ নাম চানকিশোৰ সিংহ।দিনৰ পোহৰত হাতীটোক ওচৰৰ পৰা চাবলৈ যাওঁতে অতর্কিতে বন্যহস্তীটোৱে আক্ৰমণ চলায় লোকজনৰ ওপৰত।
ঘটনাস্থলীত মৃতদেহ উদ্ধাৰৰ বাবে উপস্থিত আৰক্ষীৰ লোক। পূৰ্বে বন বিভাগৰ লোকেও ৰাইজক হাতীটোৰ ওচৰত যাবলৈ কৰিছিল বাধা প্ৰদান।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা